অসম

শান্তিপুৰ লীলানন্দ আশ্ৰমত ৰথযাত্ৰা

প্ৰথম খবৰ, সাপটগ্ৰাম: সাপটগ্ৰাম নগৰৰ সমীপৰ শান্তিপুৰস্থিত লীলানন্দ পাগল বাবা আশ্ৰমত আজি প্ৰভু শ্ৰী শ্ৰী জগন্নাথৰ ৰথযাত্ৰা মেলা আৰম্ভ হয় । মেলাত দহ সহস্ৰাধিক ভক্তিপ্ৰাণ ৰাইজৰ সমাবেশ ঘটে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম বংগ , মেঘালয়, বৃন্দাবন আদিৰ পৰাও অগণন ভক্তৰ সমাবেশ ঘটে। অসমৰ বৃন্দাবন হিচাৱে খ্যাত পাগল বাবা আশ্ৰমখনৰ ৰথযাত্ৰা মেলা অন্যতম আকৰ্ষণীয় । প্ৰায় ৭০ বছৰ ধৰি আশ্ৰমখনত ৰথযাত্ৰা মেলা অনুষ্ঠিত হৈ আছে । দুই এটা সৰু সুৰা বিক্ষিব্ধ ঘটনাৰ বাহিৰে শান্তি পূৰ্ণ ভাবে ন দিনীয়া মেলাৰ আজি আৰম্ভণি কাৰ্যসূচী সুকলমে পাৰ হয় ।

Related Articles

Leave a Reply

Close