অসমশীৰ্ষ

শিক্ষক নিযুক্তিত অসমীয়া মাধ্যমৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ প্ৰতিবাদত লখিমপুৰত ক্ষোভৰ জুই

প্ৰথম খবৰ, লখিমপুৰ : বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই কেন্দ্ৰীয় বোৰ্ডৰ অধীনস্থ আদৰ্শ বিদ্যালয় সমূহৰ শিক্ষক নিযুক্তিৰ বাচনি পৰীক্ষাত অসমীয়া মাধ্যমৰ প্ৰাৰ্থীক বঞ্চিত কৰি ইংৰাজী মাধ্যমৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদানেৰে গ্ৰহণ কৰা জাতিদ্ৰোহী সিদ্ধান্তৰ বিৰুদ্ধে লখিমপুৰতো জাঙুৰ খাই উঠিছে জাতীয়তাবাদী দল সংগঠন সমূহ । আজি দুপৰীয়া বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰ নগৰৰ মালপানী চাৰিআলিত শিক্ষমন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা অসমীয়া ভাষা বিদ্বেষী কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায় । অন্যহাতে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জীত বৰদলৈ, কাৰ্যকৰী সভাপতি অনুপম শইকীয়া আৰু সচিব প্ৰধান বিকাশ ভূমিজে, এইয়া বিজেপি চৰকাৰৰ অসমীয়া ভাষা , কৃষ্টি-সংস্কৃতিক ধ্বংস কৰাৰ এক নিকৃষ্ট ষড়যন্ত্ৰ বুলি অভিযোগ কৰি অসমীয়া জাতীয় জীৱনৰ আবেগ অনুভূতি, স্বাভিমানত আঘাত হনা এনে অসমীয়া জাতি ধ্বংসী কাৰ্যক কোনোপধ্যে মানি লোৱা নহব বুলি স্পষ্ট কৰি দিছে । একেদৰে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনায়ো অসমৰ গ্ৰাম্য শিক্ষা উন্নয়ণৰ বাবে প্ৰতিষ্ঠা কৰা আদৰ্শ বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা মিছনে স্নাতক শিক্ষক, হিন্দী আৰু অসমীয়া ভাষাৰ ক্লাছিকেল শিক্ষক নিযুক্তিত মাতৃভাষা মাধ্যমৰ প্ৰাৰ্থীক বঞ্চিত কৰা এনে সিদ্ধান্তৰ প্ৰতিবাদ জনাইছে । এক প্ৰেছ বিবৃত্তিত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধনটি বৰা, সাধাৰণ সম্পাদক ৰূপজ্যোতি দত্ত আৰু চিলাৰায় সেনাৰ সৰ্বাধিনায়ক মিণ্টু বৰাই জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতাত অধিষ্ঠিত হোৱা ৰাজ্য চৰকাৰখনে অসমীয়া মাধ্যমৰ লাখ লাখ শিক্ষাৰ্থীক বঞ্চিত কৰিব বিচৰা নাভ্ৰূত-নাশ্ৰুত ঘটনা কোনো পৰিস্থিতিতে মানি লোৱা নহব বুলি স্পষ্ট কৰি দি শিক্ষমন্ত্ৰী গৰাকীক অনতি বিলম্বে অসমীয়া জাতীয় স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি জাতীয় স্বাৰ্থত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছে ।

Related Articles

Leave a Reply

Close