অসম

শিমলীতোলাৰ কানকাটাত ভয়ানক মাৰপিট: আহত৭

প্ৰথম খবৰ,নগৰবেৰা: গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত কানকাটা গাঁওত পাৰিবাৰিক কন্দলৰ বাবে বৰজনাই সৰু ভাই বোৱাৰীক মাৰপিট কৰা ঘটনা সংঘটিত হয়। গাঁওখনতে বসবাস কৰা ভাই-ককায়েক-ভাতিজাই উক্ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ বোৱাৰী জনীক অধিক মাৰপিট কৰা প্ৰত্যক্ষ কৰি চিকিৎসা প্ৰদান বাবে লৈ আহে স্থানীয় শিমলীতোলা চিকিৎসালয়ত। যোৱা কালি নিশা চিকিৎসা কৰি উভতি যোৱাৰ পথত বৰজনা তথা প্ৰয়াত ছোৰহাব আলীৰ পুত্ৰ গোলাপ আলীয়ে তেওঁৰ কিছুমান সাংগো-পাংগো তথা ভোৰোণীয়া গুণ্ডাই হাতে হাতে ডেগাৰ¸দা¸বাটাম আদি লৈ বোৱাৰী গৰাকীৰ ভাই-ককায়েক-ভাতিজা ক্ৰমে¸মজুৰ উদ্দিন(১৬)¸ আহিজ উদ্দিন(২২), আছৰ উদ্দিন(২৫), নাজিৰ উদ্দিন(২৮)¸ আজিবৰ আলী(১৫)¸ মজিবৰ আলী(১৩) আৰু আশ্ৰাফ আলী নামৰ লোক কেইজনক অতৰ্কিতে পথত আগুচি ধৰি কাৰোবাৰ মূৰত¸ কাৰোবাৰ শৰীৰত¸ কাৰোবাৰ ভৰিত মাৰপিট কৰি গুৰুতৰ ভাবে আহত কৰে। আহত কেইগৰাকী শিমলীতোলা কে¸এন¸ মেধি ৰাজ্যিক চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনা সন্ধৰ্ভত শিমলীতোলা আৰক্ষী চকীত ভূক্তভোগী সকলে এক এজাহাৰ দাখিল কৰিছ ৷

Related Articles

Leave a Reply

Close