অসম

শুৱালকুছি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ: শুৱালকুছি: উদণ্ড বিজেপি নেতা নয়ন চৌধুৰীক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও শতাধিক মহিলাৰ। কিছুদিন পূৰ্বে নয়ন চৌধুৰী নামৰ BJP নেতা জনে কলম দাস নামৰ এজন লোকক দাৰে ঘপিয়াই ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল। বিজেপি নেতাৰ এই নৃশংস কাণ্ডক লৈ সমগ্ৰ জালুকবাৰী সমষ্টিত সৃষ্টি হৈছিল চাঞ্চল্য। ১০ দিন পূৰ্বে সংঘটিত এই ঘটনাৰ পাছতো শুৱালকুছি আৰক্ষীয়ে আজিলৈকে নয়ন চৌধুৰীক কৰা নাই গ্ৰেপ্তাৰ। আৰক্ষীয়ে BJP নেতা হোৱাৰ সুবাদতে আৰক্ষীয়ে নয়নক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ প্ৰতিবাদী মহিলাৰ। অতি শীঘ্ৰে আক্ৰমণকাৰী BJP নেতাক গ্ৰেপ্তাৰৰ দাবীত শতাধিক মহিলাই ঘেৰাও কৰিলে শুৱালকুছি আৰক্ষী থানা। এতিয়া প্ৰশ্ন হয় হিমন্তৰ ঘনিষ্ঠ BJP নেতাক গ্ৰেপ্তাৰৰ সাহস হ’ব নে আৰক্ষীৰ?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close