অসম

শোণিতপুৰৰ তেজপুৰ-চাৰিদুৱাৰত পথ দুৰ্ঘটনা

প্ৰথম খবৰ,তেজপুৰ: শোণিতপুৰৰ তেজপুৰ আৰু চাৰিদুৱাৰত সংঘটিত পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱা বিপৰিতে দুজন যুৱক আহত হয়। শোনিতপুৰৰ চাৰিদুৱাৰৰ এঘাৰমাইলত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। থিতাতে নিহত চালক। চালকজনৰ নাম সুৰজ দৰ্জী। জানিবপৰা মতে অৰুণাচলৰ পৰা বালিপৰা অভিমুখী As12-AC-3175 নম্বৰৰ বলেৰ’ পিকঅাপ ভেন তীব্ৰবেগত অাহি চাৰিদুৱাৰৰ এঘাৰ মাইলত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত থিতাতে নিহত হয় চালকজন। আনহাতে তেজপুৰৰ বালিপুখুৰী তিনিআলিত পথ দুৰ্ঘটনা৷ দুজন যুৱক গুৰুতৰভাৱে আহত৷ অধিক সুৰাসক্ত হৈ দুচকীয়া বাহন চলোৱাৰ পৰিণতি৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে বাইক আৰোহীদ্বয়৷ আহত যুৱকদ্বয় মিলনপুৰৰ ধন কলিতা আৰু বিজিত কলিতা৷ দুয়োকে ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয়৷ দুৰ্ঘটনাত পটিত বাইক খনৰ নম্বৰ হৈছে AS 12N 0145

Related Articles

Leave a Reply

Close