অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা সেৱা বাহিনীৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস এক ব্যতিক্ৰমী ৰূপত

প্ৰথম খবৰ, দেৰগাঁও: বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা সেৱা বাহিনীৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস এক ব্যতিক্ৰমী ৰূপত দেৰগাঁৱৰ মিছামৰাত পালন কৰা হয়। দেৰগাঁও মিছামৰাৰ পণ্ডিত ৰায়বাহাদুৰ গোপীকা বল্লভ গোস্বামী ক্ষেত্ৰৰ দা-ধৰা আহোম পথাৰত ২০১৮বৰ্ষৰ ৭ৰ পৰা১০ফেব্ৰুৱাৰীলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭সংখ্যক বাৰ্ষিক অধিৱেশন অনুস্থিত হ’ব । এই অধিৱেশনস্থলীৰ দুয়োদিশে সংঘৰ জিলা সেৱা বাহিনী আৰু ৮৭সংখ্যক বাৰ্ষিক অধিবেশনৰ আদৰণী সমিতিয়ে প্ৰায় তিনিশতাধিক বৃক্ষৰোপণ কৰে। শুভাৰম্ভ কৰে দেৰগাঁৱৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই। মঙ্গল উৰুলি ধ্বনিৰ মাজত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আদৰণী সমিতিৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা, যুটীয়া সম্পাদক ৰঞ্জিত বৰা, সেৱা বাহিনীৰ জিলাধিনায়ক প্ৰাণজিত বৰা আৰু বহুকেইজন সংঘৰ বিষয় ববীয়াই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close