অসম

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হোজাই জিলা সেৱাবাহিনীৰ সজাগতা সভা

প্ৰথম খবৰ,পাৰখোৱা:  শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হোজাই জিলা সেৱাবাহিনীৰ ‘যাত্ৰা নিচামুক্তি: গঢ়োঁ যুৱশক্তি’ অভিযানৰ অংশ ৰূপে চান ফাৰ্মা লেবচ্ লিমিটেড গুৱাহাটীৰ সহযোগীতাত ডবকা আঞ্চলিক সেৱাবাহিনীৰ আতিথ্যত পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩জুন তাৰিখ শনিবাৰে এখনি বিশেষ স্বাস্থ্য সজাগতা সভা অনুস্থিত হয়৷ মৃগীৰোগ, কৰ্কটৰোগ আৰু মাদক দ্ৰৱ্যৰ অপকাৰিতা সম্পৰ্কে জনসচতেনতা বৃদ্ধিৰ উদ্দেশ্য আয়োজিত সভাখনিত সঞ্চালনা কৰে হোজাই জিলাৰ সভাপতি শ্ৰী যোগেশ দেউৰী বাপে৷ ডবকা আঞ্চলিক সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশিত সামূহিক প্ৰাৰ্থনাৰে আৰম্ভ হোৱা সভাখনি উদ্বোধন কৰে পাৰখোৱা উঃ মাঃ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শ্ৰী জীতেন বৰা বাপে৷ মুখ্য আলোচক হিচাপে নিৰ্দ্দিষ্ট বিষয় সমূহৰ ওপৰত আলোচনা আগবঢ়ায় সমাজকৰ্মী তথা নেমকেয়াৰ হস্পিতাল (গুৱাহাটী) ৰ জেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডা· মনালিছা গোস্বামী শৰ্মা মহোদয়াই৷ প্ৰায় দুইশতাধিকৰো অধিক দৰ্শক,শিক্ষাৰ্থী উপস্থিত থকা সভাখনিৰ শেষাৰ্দ্ধত এটি মননশীল মত বিনিময় অনুষ্ঠান ৰূপায়ণ হয় যত দৰ্শক বিভিন্ন প্ৰশ্ন সমূহৰ যথোচিত উত্তৰ আলোচক মহোদয়াই আগবঢ়ায়৷ হোজাই জিলাৰ সম্পাদকগোপী দাস, সেৱাবাহিনীৰ সাহিত্য সচিব ৰিন্টু বৰা আদিকে কৰি বিভিন্ন বিষয়ববীয়া উপস্থিত থকা সভাখনিৰ পৰিকল্পনা তথা আঁত ধৰে নিচামুক্তি অভিযানৰ সমন্বয়ক তথা সেৱাবাহিনীৰ কেন্দ্ৰীয় সদস্য কৃষ্ণ কিংকৰ খাটনিয়াৰে৷ জিলা সেৱাবাহিনীৰ প্ৰতি এনে সুন্দৰ কাৰ্যসূচীৰ বাবে উপস্থিত দৰ্শক সকলে শলাগ লয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close