অসম

শ্ৰীৰামপুৰত অটোৰ খুন্দাত মটৰচাইকেল আৰোহী নিহত

প্ৰথম খবৰ,শ্ৰীৰামপুৰ: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰামপুৰস্থিত বন্ধন বেংকৰ সমীপত ধুবুৰী-কচুগাঁও গড়কাপ্তানি পথত আজি দিনৰ ভাগত অটোৰ খুন্দাত এজন মটৰচাইকেল আৰোহী গুৰুতৰৰূপে আহত হয়। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাচানীপাৰা নিবাসী মতিউৰ খান(৫০) নামৰ লোকজনে এ এছ ১৬ ই ৩৫৪৭ নম্বৰৰ মটৰচাইকেলেৰে গোসাঁইগাঁও অভিমুখে গৈ থাকোতে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ১৬ চি ৬৯১২ নম্বৰৰ অটোখনে বাইক আৰোহীজনক খুন্দিয়ায়। ফলত মতিউৰ খান গুৰুতৰভাবে আহত হয়। আহত লোকজনক ততাতৈয়াকৈ স্থানীয় লোকে গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও অৱস্থা অধিক গুৰুতৰ হোৱাত চিকিৎসকে আহত লোকজনক উন্নত চিকিৎসাৰ বাৱে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে যদিও আদবাটতে মতিউৰ খানে মৃত্যুক সাৱটি লয়। ইপিনে নিহতৰ পৰিয়াল তথা প্ৰত্যক্ষদৰ্শী ৰাইজে উক্ত দুৰ্ঘটনাৰ বাবে অটো চালকজনকে দায়ী কৰিছে। শিমুলটাপু আৰক্ষীয়ে অটো চালকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

Related Articles

Leave a Reply

Close