অসম

সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আয়োজন: উপস্থিত থাকিব নৃত্যাচাৰ্য যতীন গোস্বামী

প্ৰথম খবৰ,টীয়ক: অহা ৭ জুলাইৰ পৰা ১৪ জুলাইলৈ ৮ দিনীয়া কাৰ্যসূচীৰে জ্যোতি সংগীত ভাৰতী বিদ্যালয়ত (টীয়ক গুৱালগাঁও তিনিআলি) সত্ৰীয়া নৃত্যৰ এটি কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ এই কৰ্মশালাত প্ৰশিক্ষক ৰূপে উপস্থিত থাকিব অসমৰ সত্ৰীয়া নৃত্যৰ পৰিচিত নাম পদ্মশ্ৰী,সংগীত নাটক একাডেমী বঁটাৰ লগতে আন বহুতো ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত নৃত্যাচাৰ্য যতীন গোস্বামী দেৱ আৰু তেওঁৰ শিষ্য ৷ ছাত্ৰ-ছাত্ৰী সকলক সত্ৰীয়া নৃত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে শুদ্ধ ৰূপত সত্ৰীয়া নৃত্যক আয়ত্ত কৰাৰ লক্ষ্যৰে ১৯৯০ চনত স্হাপিত টিয়কৰ জ্যোতি সংগীত ভাৰতী বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুতা পূণ্য দোলাকাষৰীয়া বুঢ়াগোহাঁইৰ তত্বাৱধানত এই কাৰ্যসূচী হাতত লোৱা হৈছে বুলি জানিবলৈ দিছে ৷ সবিশেষ জানিবৰ বাবে ৮৮৭৬৬০৪৫৯১, ৯৮৫৯৮৫৭৬৭৯ নম্বৰত যোগাযোগ কৰিবৰ বাবে উদ্যোক্তাই জনাইছে ৷

Related Articles

1 thought on “সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আয়োজন: উপস্থিত থাকিব নৃত্যাচাৰ্য যতীন গোস্বামী”

Leave a Reply

Close