অসম

সদৌ অসম আৰক্ষী সন্থাৰ ৩৮ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশন সম্পন্ন

প্ৰথম খবৰ,শিৱসাগৰ : শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসন আৰু শিৱসাগৰ জিলা আৰক্ষী সন্থা সহযোগত অনুষ্ঠিত হোৱা সদৌ অসম আৰক্ষী সন্থাৰ ৩৮ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসমৰ ৰাজ্যপাল বানোৱাৰীলাল পূৰোহিতে অসমৰ সম্প্ৰতি সময়ত আইন শৃংখলা উন্নত হৈছে বুলি কোৱাৰ লগতে পুলিচ প্ৰশাসনক আগন্তুক দিনত অধিক উন্নত কৰাৰ আহ্বান জনাই । সভাত অসম আৰক্ষী সঞ্চালক মূকেশ সাহা , শিৱসাগৰ জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰ, 149 চি আৰ পি এফ কামাণ্ডেন্ট এচ কে শ্ৰীবাস্তৱ , আই এচ ড° আৰ পি মিনা, বিশিষ্ট শিক্ষাবিদ সোণাৰাম বৰুৱা, শিক্ষাবিদ ড° সৌমাজ্যোতি মহন্ত , শিৱসাগৰ জিলা উন্নয়ণ আয়ুক্ত অভিজিৎ বৰুৱা , সদৌ অসম আৰক্ষী সন্থাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা , শিৱসাগৰ জিলা আৰক্ষীৰ অধীক্ষক সোবোধ সোনোৱাল আদি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে । সভাত অধিবেশনৰ লগত সংগতি ৰাখি হিকমৎ চৌধুৰীয়ে সম্পাদনা কৰি উলিওৱা স্মৃতি গ্ৰন্থ উন্মোচন কৰে ড° সৌমাৰজ্যোতি মহন্তই ।

Related Articles

Leave a Reply

Close