অসম

সদৌ দৰং জিলা ছাত্র সন্থাৰ ৰাইজমেল

প্ৰথম খবৰ, মংগলদৈ / দেওমৰনৈ: আজি মংগলদৈ শ্বহীদ ভৱনত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী ৰ সভাপতিত্বত ৰাইজমেল অনুষ্ঠিত হয় । উক্ত ৰাইজমেলখনি উদ্বোধন কৰে মংগলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ খৰ্গেন নাথ। ৰাইজমেলত বিশেষভাৱে উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন উপসভাপতি দিগন্ত মনি বৰা, দৰং জিলা মহিলা সমিতিৰ সভানেত্ৰী ৰানী দেৱী, সদৌ দৰং জিলা ছাত্র সন্থাৰ উপসভাপতি দায়েদামুল হক চৌধুৰী, উপদেষ্টা অৰুপ কলিতা, উপসভাপতি নিৰঞ্জন শইকীয়া আৰু প্ৰাক্তন ছাত্ৰ নেতা মণ্ডলী প্ৰমুখ্যে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সমুহ বিষয়ববীয়া আৰু সদৌ দৰং জিলা ছাত্র সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিকৰ পৰা ৫ গৰাকী কৈ বিশিষ্ট ব্যক্তিৰ উপস্থিত হোৱা সভাত দৰং ত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত অৱগত কৰিব লৈ ১৫ জনীয়া সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। লগতে কেঞ্চাৰ মেডিকেল এখন, উদ্যোগ স্থাপন, কৃষি গৱেষণা কেন্দ্ৰ স্থাপন, বিজ্ঞান শাখাৰ মহাবিদ্যালয় স্থাপন আদি বিভিন্ন দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। উক্ত সভাখনিৰ আঁত ধৰে দৰং আছুৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়াই ।

Related Articles

Leave a Reply

Close