শেহতীয়া
Home / গেলেৰী / ফটো ফিচাৰ / সফলতাৰ নতুন দুৱাৰ খুলি আগবাঢ়ি যোৱা দিবাশ্ৰীৰ কথাৰে

সফলতাৰ নতুন দুৱাৰ খুলি আগবাঢ়ি যোৱা দিবাশ্ৰীৰ কথাৰে

গৌতম হাজৰিকা

তাইৰ সপোন আছিল আকাশ চোৱাৰ, যোৰহাটৰ এখন অখ্যাত গাঁও বনাই আমতল চিন্তামণি গঁড়ৰপৰা দিবাশ্ৰীয়ে গুৱাহাটীলৈ আহি নাম ভৰ্তি কৰে জেট উইংছত। কিন্তু এয়াৰ হোষ্টেছ হোৱাৰ সপোন পূৰণ নহ’ল তেওঁৰ। কিন্তু তিক্ত অভিজ্ঞতাই তেওঁক বিচলিত কৰিব নোৱাৰিলে। খোল খালে ভাগ্যৰ আন এখন  দুৱাৰ। সৰুৰেপৰা ঘৰখনত পোৱা সাংস্কৃতিক পৰিৱেশৰ বাবে তেওঁ ঘটনাক্ৰমে খোজ দিলে অভিনয় আৰু মডেলিং জগতত খোজ। খুব কম সময়তে তেওঁ নিজকে পৰিচয় দিবলৈ সমৰ্থ হ’ল। গ্লেমাৰ জগতৰ তেওঁ এটি চিনাকি নাম হৈ পৰিল। নৃত্য পাৰদৰ্শী দিবাশ্ৰীৰ নৃত্যই অভিনয় ক্ষেত্ৰত প্লাছ পইণ্ট  হিচাপে ধৰা দিলে। এদিন তেওঁ জিত শৰ্মাৰ এম বি প্ৰডাকচনত ল’লে অভিনয়ৰ প্ৰশিক্ষণ।  তাৰ সমান্তৰালভাৱে তেওঁ সফলতাৰে কৰি গ’ল এম বি প্ৰডাকচনৰ ছিৰিয়েল আৰু গানৰ ভিডিঅ’ এলবামৰ কাম।

যোৰহাটত ৰহিন শইকীয়া আৰু নীৰা শইকীয়াৰ জীয়ৰী দিবাশ্ৰীৰ প্ৰতিভাই মডেলিং জগততো শিপালে। বহু কেলেণ্ডাৰ আৰু জনপ্ৰিয় আলোচনীৰ বেটুপাত শুৱনি কৰিলে দিবাশ্ৰীৰ ৰূপ লাৱণ্যই। কলেজীয়া দিনতে পৰম্পৰাগত সাজেৰে প্ৰথম ৰেম্পত কেটৱাক কৰা দিবাশ্ৰী এগৰাকী সফল ধাৰাভাষ্যকাৰীও। অসমীয়াই ছবিৰ এসময়ৰ মোহময়ী  অভিনেত্ৰী বিদ্যা ৰাও ৰোল মডেল হিচাপে লৈ আগবাঢ়ি যোৱা দিবাশ্ৰীয়ে বিদ্যা ৰাওৰ লগত অভিনয় কৰাৰো সুযোগ লাভ কৰে। ভৱিষ্যতে অভিনয় আৰু মডেলিঙৰ গ্লেমাৰ জগতত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিব বিচৰা দিবাশ্ৰীলৈ থাকিল অলেখ শুভ কামনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

*