অসম

সাপটগ্ৰামত ড্ৰাগচ বিৰোধী সজাগতা সভা

প্ৰথম খবৰ, সাপটগ্ৰাম: সাপটগ্ৰাম আৰক্ষীৰ উদ্যোগত আজি সাপটগ্ৰামত ড্ৰাগচ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। সাপটগ্ৰাম বাজাৰ কালিবাৰী প্ৰাঙ্গনত অনুষ্ঠিত সভাখনত বিলাসীপাৰা মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধিশ ৰূপকমল ৰাভা, বিলাসীপাৰা আৰক্ষী চক্ৰ বিষয়া ৰেবুন শইকীয়া, শান্তিপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ড’ হেমন্ত কুমাৰ নাথ, নগৰ পালক মিনতি সৰকাৰ ৰায়, প্ৰাক্তন সভাপতি জগন্নাথ সাহা, সাংবাদিক ছত্ৰপতি গোস্বামী আদি উপস্থিত থাকে । সভাখনত শতাধিক ৰাইজ উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰোহিনী কুমাৰ গোহাঁইয়ে। ইয়াৰ পূৰ্বে বজাৰখনত এক শোভাযাত্ৰা উলিওৱা হয় ।

Related Articles

Leave a Reply

Close