শেহতীয়া
Home / শীৰ্ষ / সুন্দৰীৰ নাসিকা গৰ্জন! কি কয় বিশেষজ্ঞই?
ফটো সৌজন্য: থ্ৰীপুলপা

সুন্দৰীৰ নাসিকা গৰ্জন! কি কয় বিশেষজ্ঞই?

হেল্থ ডেস্ক, প্ৰথম খবৰ: ধৰি লোৱা হওঁক, দিনটোৰ ব্যস্ততাৰ পিছত আপুনি সুন্দৰকৈ টোপনি মাৰিবলৈ চেষ্টা কৰিছে। কিন্তু আপোনাক কাষত স্বামীয়ে আৰম্ভ কৰি দিছে নাসিকা গৰ্জন। এনে অৱস্থাত আপোনাৰ খঙে চুলিৰ আগ নাপায়নে? ঠিক আছে বাৰু, আপোনাৰ শোৱাৰ সময়ত আপোনাৰ স্বামীৰ নাকৰ শব্দই আপোনাক অগ্নি শৰ্মা কৰি তোলে, শোৱাৰ সময়ত মহিলাৰ নাকৰ শব্দ নোলাই নেকি?

শেহতীয়াভাৱে ক্লিনিকেল শ্লিপ মেডিচিন নামৰ আলোচনীত প্ৰকাশিত এখন গৱেষণা পত্ৰৰ উদ্ধৃতি দি এটা নিবন্ধত মহিলাৰ অনিদ্ৰাজনিত সমস্যাৰ বহুতো বিস্ফোৰক কথা উল্লেখ কৰা হৈছে। গৱেষণা পত্ৰখনত কোৱা হৈছে যে পুৰুষৰ তুলনাত মহিলাৰ অনিদ্ৰাজনিত সমস্যা অধিক। প্ৰায় ৭৫০গৰাকী পুৰুষ আৰু মহিলাক লৈ চলোৱা সমীক্ষাত পোৱা গৈছে যে, অনিদ্ৰাৰ সমস্যা, দিনৰ ক্লান্তি আৰু মনঃসংযোগ সমস্যাত পুৰুষৰ তুলনাত মহিলাই অধিক ভোগে।

৩৭ শতাংশ পুৰুষৰ বিপৰীতে ৪৯ শতাংশ মহিলা নিদ্ৰাহীনতাৰ চিকাৰ। নিদ্ৰাহীনতাৰ বাবে ৭৪ শতাংশ পুৰুষৰ ক্ষেত্ৰত মনঃসংযোগৰ সমস্যা দেখা যায়, ইয়াৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই পৰিমাণ ৮৯ শতাংশ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, পুৰুষ সংগীয়ে টোপনিত নাক বজোৱাৰ ফলত মহিলা সংগীৰ টোপনিৰ ব্যাঘাত সততেই ঘটে। কিন্তু পুৰুষে এই সমস্যাত কমকৈ ভোগে। সমীক্ষাটোত কোৱা হৈছে যে নাক বজোৱাৰ ফলত বেডৰুমৰপৰা সংগীক উলিয়াই পঠিওৱাৰ ক্ষেত্ৰতো মহিলাই আগবঢ়া। এই ক্ষেত্ৰত মহিলাত অত্যধিক সংবেদনশীলতাকেই দোষাৰোপ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*