অসমশীৰ্ষ

সোণাৰিত এজন যুৱকৰ অস্বাভাৱিক খাদ্য ভক্ষণ

প্ৰথম খবৰ,সোণাৰি: সোণাৰিত এজন যুৱকৰ অবিশ্বাস্য খাদ্য। সোণাৰিৰ বৰহাট চুতীয়াকাৰীৰ যুৱক কৰ্ণ গগৈ ওৰফে ভক্তই আজি দীৰ্ঘ দিনৰে পৰা কেচাই কেচাই ভেকুলী, কুমজেলেকুৱা, কুচিয়া, কেচু আদি ভক্ষণ কৰি আহিছে ৷ আজি দহ বছৰৰ পৰা যুৱক জনে এনেদৰে এবিধ দুবিধকৈ কেচাই পইতাচৰা, ভেকুলী বিভিন্ন প্ৰজাতিৰ মাছ, মাংস আদি কেচাকৈয়ে ভক্ষণ কৰি আহিছে। “প্ৰথম খবৰ”ৰ সাংবাদিকৰ কেমেৰাত বন্দী হল যুৱক জনে কেচাকৈয়ে কুচিয়া ভেকুলী কুমজেলেকুৱা আদি জীৱন্ত অৱস্থাত ভক্ষণ কৰাৰ Exclusive দৃশ্য। এই খন অসমৰে যুৱকৰ চাঞ্চল্যকৰ খাদ্যভাষ। এইদৰে বছৰ বছৰ ধৰি বিভিন্ন পোক-পৰুৱা কেচু,কুমতি মাছ-মাংস কেচাকৈ যুৱক জনে ভক্ষণ কৰি আহিছে যদিও কোনো দিন এনে খাদ্যভাষৰ বাবে ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হোৱা নাই বুলি আমাক জানিবলৈ দিছে। ৰেৰ্কড গঢ়াৰ লক্ষ্যৰে এনে খাদ্য গ্ৰহণ কৰ্ণৰ।

Related Articles

Leave a Reply

Close