অসম

পি বি পি মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতা

প্ৰথম খবৰ,শিৱসাগৰ: অসমৰ সৰ্বসাধাৰণৰ মাজত এতিয়া চৰকাৰী বিদ্যালয় বুলিলে মূৰৰ বিষ অনুভৱ কৰিছে। ৰাজ্য চৰকাৰৰ পৰিৱৰ্তনৰ দাম্ভীকতা যে এচাম চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ভেঙুচালি কৰিছে তাৰ প্ৰমাণ সোণাৰীৰ পি বি পি মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰমাণ । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল যোৱ ৩০ মে’ত ঘোষণা কৰাৰ পাছত আজি ১০ জুন পৰ্যন্ত ছাত্রৰ মাৰ্কচিট, চাৰ্টিফিকেট অনাৰ ব্যৱস্থা নকৰি ছাত্র-ছাত্ৰীৰ ভৱিষ্যত ধংসৰ মুখলৈ ঠেলিছে। বিদ্যালয়খন বহু কেইজন উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ নম্বৰ তালিকা আৰু প্ৰমাণ পত্ৰ ছেবাৰ পৰা নাহিল। কি কাৰণত নাহিল সেইটোও বিদ্যালয়ৰ অধ্যক্ষজনে পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰীক জনোৱাৰ পৰা বিৰত থাকি তালিকা, প্ৰমাণ পত্ৰ ছাত্র ছাত্ৰীক নিজে গৈ ছেৱাৰ পৰা আনিবলৈহে জোৰ-জুলুম কৰে ৷ এই ঘটনাৰ সন্দৰ্ভত বিদ্যালয়খন অধ্যক্ষ জনৰ পৰা এই প্ৰতিবেদকে জানিব বিচৰাত বিষয়তো এৰাই চলি ছাত্ৰ ছাত্ৰী নিজেই গলে সোনকালে আনিব পাৰিব বুলি দোষ এৰাব বিচাৰি মন্তব্য কৰে ।

Related Articles

Leave a Reply

Close