যুৱশীৰ্ষ

সৌন্দৰ্যৰ জগতত সম্ৰাজ্ঞী হোৱাৰ মন “মিছ গুৱাহাটী” প্ৰিয়ংকাৰ

গৌতম হাজৰিকা

দিল্লীৰ বিখ্যাত মিৰিণ্ডা হাউছ কলেজৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী গুৱাহাটীৰ প্ৰিয়ংকা দাস। সৰুৰেপৰা সৌন্দৰ্য সচেতন প্ৰিয়ংকাই নিজৰ শৈক্ষিক জীৱনক এটি গতি দিয়াৰ সমান্তৰালভাৱে শেহতীয়াকৈ খোজ দিছে মডেলিঙৰ গ্লেমাৰ জগতত। আত্মবিশ্বাসৰ ফলত ২০১৭ চনত লাভ কৰে ছানছাইন ইভেণ্ট আৰু শিৱম ক্লাবে আয়োজন কৰা সৌন্দৰ্যৰ মহাৰণত মিছ গুৱাহাটী খিতাপ। গুৱাহাটীৰ নিবাসী মুনিন দাস আৰু ধূলী দাসৰ কন্যা প্ৰিয়ংকাই মডেলিঙৰ লগতে আজৰি সময়ত কৰে ৰং তুলিকাৰে খেলা।

কেৱল ৰেম্পত কেটৱাক কৰাই নহয় মঞ্চত সত্ৰীয়া নৃত্যতো নিপুণ প্ৰিয়ংকা। জনপ্ৰিয় ডিজাইনাৰ শান্তাশ্ৰী মল্লিক ভূঞা, আফচনা বেগম, সঞ্জয় চৌধুৰীয়ে ডিজাইন কৰা পোছাক পিন্ধি ফটো শ্বুট কৰা প্ৰিয়ংকাৰ সপোন গ্লেমাৰ জগতত নিজকে উজ্বলাই তোলা।

সুযোগ পালে অভিনয়ৰ হেঁপাহ পুহি ৰখা প্ৰিয়ংকাই পঢ়াৰ লগতে নিজৰ ৰূপ সৌন্দৰ্যৰে অজস্ৰজনৰ বুকুত ঝংকাৰ তুলি যাব বিচাৰে। ৰন্ধন প্ৰকৰণতো পাৰ্গত প্ৰিয়ংকাৰ গ্লেমাৰ জগতৰ এই যাত্ৰাত সফলতা লাভ কৰক, তাকে কামনা কৰিলোঁ।

Related Articles

Leave a Reply

Close