অসম

সৰভোগত আৰক্ষীৰ দ্বাৰা সন্দেহযুক্ত বাংলাদেশী আটক

প্ৰথম খবৰ,সৰভোগ: সৰভোগ থানাৰ আৰক্ষীয়ে যোৱা কালি নিশা নুনতোলা জামাই চৰৰ পৰা এজন সন্দেজনক বাংলাদেশী লোকক আটক কৰে৷ প্ৰাপ্ত খবৰ মতে, লোকজনে কিছুদিন আগতে বাংলাদেশৰ জেনাইদহ জিলাৰ কাৰপাৰা গাঁৱৰ পৰা আহি নুনতোলাৰ জামাই চৰত বসতি কৰিবলৈ আহিছিল৷ আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম মৃত দিদাৰ মণ্ডলৰ পুত্ৰ জচিম মণ্ডল (৩৫) বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি সৰভোগ আৰক্ষীয়ে লোকজনক মাৰাথান জেৰা চলাই আছে বুলি জানিব পৰা গৈছে। লোক আজি আৰক্ষীয়ে অধিক সোধা পোচাৰ বাবে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সীমান্ত সুৰক্ষা শাখালৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close