অসমবিনোদনযুৱ

সৰভোগৰ যুৱক সাগৰ ঘোষ উজলিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত

প্ৰথম খবৰ,সৰভোগ: বৰপেটা জিলাৰ সৰভোগৰ যুৱক সাগৰ ঘোষ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ফেশ্বন জগতত ক্ৰমান্বয়ে উজলি উঠিবলৈ সক্ষম হৈছে। উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিয়ে মায়ানগৰী মুম্বাইলৈ গৈ বালাজী ফ্লিমছত সহ পৰিচালক হিচাপে কাম কৰি থকাৰ লগতে মডেলিংও কৰে সাগৰ ঘোষে। পৰিৱৰ্তী সময়ত অসমলৈ ঘুৰি আহি মডেলিংৰ বাবে শৰীৰ চৰ্চা আৰম্ভ কৰে। সৰভোগ সন্তান সাগৰ ঘোষে কিছুদিন পিছতে ফেচ অব নৰ্থ ইষ্ট নামৰ ফেচন প্ৰতিযোগিতাখনত ফাইনেলিষ্ট হিচাবে শীৰ্ষলৈ উপনীত হয়। তাৰ পিছতে তেওঁ আন এখন বিশাল প্ৰতিযোগিতা মেগা মিষ্টাৰ নৰ্থ ইষ্ট-১৭ অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সৰভোগৰ স্বপন ঘোষ আৰু মনিকা ঘোষৰ পুত্ৰ সাগৰ ঘোষ শেহতীয়াকৈ নিৰ্বাচিত হৈছে ডেলিউড মিষ্টাৰ ইণ্ডিয়া-১৭ ৰ চুড়ান্ত প্ৰতিযোগিতালৈ। এতিয়া যুৱক জনে বৃহৎ প্ৰতিযোগিতাখনত অসমক প্ৰতিনিধিত্ব কৰিব। তেওঁৰ এই সাফল্যত পিতৃ মাতৃৰ লগতে সৰভোগবাসী ৰাইজ উৎফল্লিত হৈ পৰিছে।

Related Articles

Leave a Reply

Close