অসম

হত্যাকাণ্ডক লৈ উত্তাল সৰ্থেবাৰীৰ মাজদিয়া

প্ৰথম খবৰ,চেঙা: এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে সৰ্থেবাৰীৰ মাজদিয়া। চহৰত নহয় এইবাৰ গ্ৰাম্যঞ্চলতো এতিয়া নিৰাপত্তাহীনতাত ভূগিছে সাধাৰণ ৰাইজে। নিশা অপহৰণ কৰি ঘৰৰ কাষতে নৃশংসভাৱে হত্যা কৰা হল এইবাৰ হাইস্কুল শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ ছাত্ৰ ৰেকিবুজ জামানক । অপহৰণকাৰীয়ে বিচৰা ১৫ লাখ টকা নোপোৱাৰ বাবেই হত্যা কৰি বস্তাত ভৰাই পুখুৰীত পেলাই দিয়া হল ৰেকিবুজক। কালি মৃতদেহ ওলোৱাৰ পিছত আজি উত্তাল হৈ পৰিল মাজদিয়া। আজি ক্ষুদ্ধ ৰাইজে মাজদিয়া আৰক্ষী চকী ঘেৰাও কৰে।

Related Articles

Leave a Reply

Close