অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভেৰে জেউতীয়ে জেউতী চৰালে দিখৌমুখৰ

প্ৰথম খবৰ,দিখৌমুখ: জেউতী বড়ি৷ জেউতী চৰালে দিখৌমুখৰ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ডিষ্টি’চন সহ উত্তীৰ্ণ হোৱা এইগৰাকী ছাত্ৰীয়ে সমাজ বিজ্ঞান বিষয়ত ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল৷ জেউতী দিখৌমুখ থেকেৰাতল মিচিং গাৱঁৰ উমেশ বড়ি আৰু অনিতা বড়িৰ দ্বিতীয়া কন্যা৷ উল্লেখযোগ্য যে অসমীয়া সাহিত্যৰ প্ৰতি বিশেষ অনুৰাগী এইগৰাকী ছাত্ৰীয়ে অষ্টম শ্ৰেণীত অধ্যয়নৰত সময়তে অসমীয়া সাহিত্যৰ প্ৰায় কেও গৰাকী প্ৰথিতযশা সাহিত্যিকৰ সাহিত্য কৰ্ম অধ্যয়ন কৰে৷ ইতিমধ্যে ছাত্ৰী গৰাকীয়ে হোমেন বৰগোঁহাই, ভৱেন্দ্ৰনাথ শইকীয়া, সৌৰভ চলিহাৰ সৃষ্টি কৰ্মৰ পৰা কবি হীৰেণ ভট্ৰাচাৰ্যৰ সুগন্দি পখিলা, অজিত বৰুৱাৰ ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য আৰু ৰীতা চৌধুৰীৰ মাকামৰো সোৱাদ লৈছে৷ পিতৃয়ে খেতিখোলা আৰু টিউচন কৰি ঘৰ চলোৱা এটা দৰিদ্ৰ পৰিয়ালৰ মেধাবী কন্যা জেউতীয়ে এই সাফল্য পৰীক্ষাৰ পূৰ্বে ৬/৭ ঘন্টাকৈ অধ্যয়ন আৰু পাঠ্যপুথি পুংখানুপুংখকৈ কৰা অধ্যয়নৰ ফচল বুলি কৃতী ছাত্ৰী গৰাকীয়ে জনাইছে৷

Related Articles

Leave a Reply

Close