অসমশীৰ্ষ

হাওৰাঘাটত উত্তপ্ত পৰিস্থিতি: আৰক্ষীৰ লাঠিচালনা, প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণ

প্ৰথম খবৰ, হাওৰাঘাট: মহিলা হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি আজি বিয়লি হঠাৎ উত্তপ্ত হৈ পৰে হাওৰাঘাট ৷
অভিযুক্তক ফাঁচী দিয়াৰ দাবীত পুৱাৰে পৰাই শ শ প্ৰতিবাদকাৰীয়ে হাওৰাঘাট থানা ঘেৰাও কৰাৰ পিছত আৰক্ষীৰ লাঠীচাৰ্জ আৰু প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণেৰে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি ৷ ঘটনাত এজন প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হয়। এগৰাকী মহিলাৰ বৰ্বৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি শনিবাৰে হঠাৎ উত্তপ্ত হৈ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট ৷ ইতিমধ্যে হাওৰাঘাট আৰক্ষীয়ে আটক কৰা ঘটনাৰ মুল অভিযুক্ত ৰঞ্জন দাসক ফাঁচী দিয়াৰ দাবীত শনিবাৰে পুৱাৰে পৰাই হাওৰাঘাট আৰক্ষী থানা ঘেৰাও কৰে শ-শ প্ৰতিবাদকাৰীয়ে৷ দুৰ্ভগীয়া মহিলা হুমৰা টেৰণপীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰঞ্জনক আৰক্ষীয়ে থানা চৌহদৰ পৰা উলিয়াই প্ৰতিবাদকাৰীৰ হাতত গতাই দিয়াৰ দাবীত প্ৰথমে উত্তেজিত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এবাৰ অভিযুক্ত ৰঞ্জনক ৰাইজক দেখুৱাই দিয়ে যদিও ক্ষান্ত নহয় প্ৰতিবাদকাৰী ৷ আৰক্ষীয়ে বাৰম্বাৰ ঘোষণা কৰি প্ৰতিবাদী ৰাইজক থানাৰ সন্মূখৰ পৰা আঁতৰি যাবলৈ অনুৰোধ কৰে যদিও আৰক্ষীৰ ঘোষণাক সমূলি আওকাণ কৰে প্ৰতিবাদকাৰী সকলে ৷ ঘটনাস্থলীত উপস্থিত হোৱা হাওৰাঘাটৰ মহকুমাধিপতি জ্যোতিৰ্ময় দৈমাৰীও ব্যৰ্থ হয় প্ৰতিবাদকাৰীক বুজনি দিয়াত ৷ যাৰ ফলত আৰক্ষীয়ে পুৰুষ-মহিলা প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰিবলৈ বাধ্য হয় ৷ প্ৰত্যুত্তৰত আৰক্ষীলৈও শিলাবৰ্ষণ কৰে প্ৰতিবাদকাৰীসকলে ৷ লগে লগে চৌদিশে হুৱা-দুৱা লাগে ৷ সৃষ্টি হয় এক অনাকাংক্ষিত পৰিবেশ ৷ ঘটনাত গুৰুতৰভাৱে আহত হয় এজন প্ৰতিবাদকাৰী ৷ ইপিনে ঘটনাক কেন্দ্ৰ কৰি এতিয়াও সমগ্ৰ হাওৰাঘাট অঞ্চলতে অব্যাহত আছে উত্তেজনাময় পৰিস্থিতি ৷ উল্লেখ্য যে ৬ জুনৰ পৰা নিৰুদ্দেশ হৈ থকা হাওৰাঘাটৰ পণ্ডিতঘাট অঞ্চলৰ মিস্ত্ৰীবালিৰ হুমৰা টেৰণপী নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল যোৱা ১০ জুনত ডবকাৰ যমুনা নৈত ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close