অসম

হাজোৰ গো ৰিজাৰ্ভত পুনৰ বেদখল

প্ৰথম খবৰ, হাজো: তীৰ্থ নগৰী হাজোৰ গো ৰিজাৰ্ভত পুনৰ বেদখল। সন্দেহজনক নাগৰিকে হাজোৰ হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমিত পুনৰ আৰম্ভ কৰিছে বেদখল। হাজোৰ ডোকনীয়া গো ৰিজাৰ্ভত অচিৰেই চলিব উচ্ছেদ অভিযান। বেদখলকাৰীক সকয়ীনি হাজো ৰাজহ চক্ৰ বিষয়াৰ। ৫দিনৰ ভিতৰত বেদখলকাৰীক ঠাই খালী কৰাৰ নিৰ্দেশ। হয় হাজো ইখনৰ পাছত আন খন গ্ৰেজিং ৰিজাৰ্ভ এতিয়া অবৈধ বেদখলকাৰীৰ কৱলত। নিশাটোৰ ভিতৰতে সন্দেহজনক নাগৰিকে চৰকাৰী ভূমিত সাজিছে ঘৰ আৰু নিশাটোৰ ভিতৰত গাওঁ সাজি বসতি কৰিছে এই সকল সন্দেহজনক নাগৰিকে। ডোকনীয়া গো ৰিজাৰ্ভৰ প্ৰায় ২০০০ বিঘা ভূমি এতিয়া বেদখলকাৰীৰ কৱলত। ৬মাহ পূৰ্বে ডোকনীয়া গো ৰিজাৰ্ভত চলিছিল প্ৰশাসনৰ উচ্ছেদ কিন্তু উচ্ছেদৰ পাছতেই চৰকাৰী ভূমিত ঘৰ সাজি পুনৰ আৰম্ভ কৰিছে বেদখল। হাজো ৰাজহ চক্ৰ বিষয়া কমল বৰুৱা আৰু আছুৰ এটা দল ডোকনীয়াত উপস্থিত হৈ বে দখল কাৰীক দিছে ৫ দিনৰ সময় সীমা যথা সময়ত চৰকাৰী ভূমি খালি নকৰিলে চলিব উচ্ছেদ। প্ৰশাসনে ভাঙিব বেদখলকাৰীয়ে পাতিব কিমান দিনলৈ এই ভঙা পতাৰ খেল? স্থায়ী সমাধান কেতিয়া?

Related Articles

Leave a Reply

Close