অসম

হাপাচাৰাত দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি: মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

প্ৰথম খবৰ, বঙাইগাঁও/অভয়াপুৰী: বঙাইগাঁৱৰ হাপাচাৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যু হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰামতে বিয়লি ৪ মান বজাত তুলুঙীয়াৰ দিশৰ পৰা ৰাখালডুবি দিশত এ এছ ১৯ বি ৩৪৩৭ নম্বৰৰ বাইকেৰে গৈ থকা দুজন যুৱকক এ এছ ০১ বি চি ৪৮৫১ নম্বৰৰ এখন টেংকাৰে খুন্দা মৰাৰ ফলত এজন যুৱকৰ থিতাতে মৃত্যু হয়৷ যুৱকজনক ২ নং জাৰাগুৰিৰ বাসিন্দা তথা মাণিকপুৰ আঞ্চলিক কলেজৰ ছাত্ৰ জিয়াৰুল হক(২৩) বুলি চিনাক্ত কৰা হৈছে৷ ইয়াৰ পিচতে উত্তেজিত ৰাইজে জিয়াৰুলৰ মৃতদেহ লৈ পথছোৱা অৱৰোধ কৰে৷ ৰাইজে পথছোৱাৰ মেৰামতিৰ দাবী তোলে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close