অসম

হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি তুলাধুনা আছুৰ সভাপতি দিপাঙ্ক কুমাৰ নাথৰ

প্ৰথম খবৰ,গোলাঘাট : সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাঙ্ক কুমাৰ নাথে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ স্থানপ্ৰাপ্তৰ বিলুপ্তি ঘটাব বিচৰা কাৰ্য আৰু ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় গঢ়িব খোজা কাৰ্যক শিক্ষামন্ত্ৰীৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰে। শিক্ষামন্ত্ৰীয়ে মন্তব্য আগবঢ়াই ৰাজ্যবাসীক মানসিক নিৰ্যাতন চলোৱা বুলি কয় । অসমত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় প্ৰয়োজন নাই বুলি কৈ কয় যশিক্ষা মন্ত্ৰী জনে এনে অদ্ভূত মন্তব্য আগবঢ়াই ৰাজ্যবাসীক মানসিক নিৰ্যাতন চলোৱা বুলি কয় । অসমত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় প্ৰয়োজন নাই বুলি কৈ কয় যে যিসমূহ অসমীয়া মাধ্যমৰ বিদ্যালয় আছে সেই সমূহতে পৰ্যাপ্ত সুবিধা প্ৰদান কৰি আদৰ্শ বিদ্যালয় গঢ়ি তুলিব লাগে। ৰাজ্যৰ শিক্ষাবিদ সকলৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ এনে অযুক্তিকৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ মন্ত্ৰী জনক সকিয়াই দিয়ে । গোলাঘাটত আছুৰ অভিনন্দন অনুষ্ঠান ত উপস্থিত থাকি সভাপতি গৰাকীয়ে কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনায়।

Related Articles

Leave a Reply

Close