অসম

হেঁপাহৰ উদ্যোগত গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ আয়োজন

প্ৰথম খবৰ, জাজৰি: “আমাৰ হেঁপাহ—কিছু নতুনৰ কিছু সপোনৰ, এক উৎসর্গিত প্রয়াস” উক্ত শ্ল’গানেৰে নগাঁও জিলাৰ সাংস্কৃতিক তথা সামাজিক উত্তৰণৰ লক্ষ্য আগত ৰাখি ২০১৬ বর্ষত আত্মপ্রকাশ কৰা এটি অনুষ্ঠান ‘হেঁপাহ’ৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আগন্তুক গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি ৬ জুলাইৰ পৰা ১৬ জুলাইলৈ দ্বিতীয় বার্ষিক এঘাৰ দিনীয়া এখনি নাট্য কর্মশালাৰ আয়োজন কৰা হৈছে। সত্রীয়া সংস্কৃতিৰ কেন্দ্রস্থল স্বৰূপ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ এখন সংস্কৃতিবান গাঁও কুজীডাঁহৰ কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা ১২ বছৰ উর্ধৰ সকলৰ বাবে মুকলি এই কর্মশালাত অংশগ্রহণৰ প্র-পত্র আৰ.বি.বুকচ (কুজীডাঁহ), পাটকাই বুকচ্ (জামুগুৰি) তথা সাৰথি বুক ষ্টল (জাজৰি)ত উপলব্ধ বুলি ‘হেঁপাহ’ৰ উদ্যোক্তাসকলে জানিবলৈ দিয়ে । প্র-পত্র জমা দিয়া অন্তিম তাৰিখ ৪ জুলাই । উল্লেখযোগ্য যে, কর্মশালাখনিত উপস্থিত থাকিব অসমৰ সাংস্কৃতিক জগতৰ বহু কেইজন স্বনামধন্য শিল্পী- নাট্যকর্মী প্রমুখ্যে ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ অভিজ্ঞ প্রশিক্ষক। ইচ্ছুকসকলৰ অংশগ্রহণ কামনাৰে আয়োজকে যোগাযোগৰ বাবে ৮১৩৫০২৩২৮৬, ৮৮৭৬২০৩৬৫৮ নম্বৰ কেইটা মুকলি কৰি দিছে ।

 

Related Articles

Leave a Reply

Close