অসম

হোজাইত কেইবাটাও মহিলা সংগঠনৰ মৌন সমদল

প্ৰথম খবৰ,হোজাই : এমাহ ধৰি ৰাজ্যত অব্যাহত আছে শিক্ষয়ত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ প্ৰতিবাদ। শিক্ষয়ত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচীৰ দিয়াৰ দাবী আৰু মহিলা সকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰি হোজাইৰ কেইবাটাও মহিলা সমিতিৰ শতাধিক মহিলাই হোজাই নতুন বজাৰৰ পৰা এক বিশাল মৌন সমদল উলিয়াই চহৰৰ ৰাজপথৰে আহি হোজাই আৰক্ষী থানাত উপস্থিত হয় ৷ পিচত উপ আৰক্ষী,আৰু হোজাইৰ ৰাজহ চক্ৰ বিষয়া যোগেদি মুখ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close