অসম

হোজাইত মানসিক বিকাৰগ্ৰস্থ যুৱতীক যুৱকৰ দলবদ্ধ ধৰ্ষণ

প্ৰথম খবৰ,হোজাই: আকৌ ভূ-লুণ্ঠিত হল মানৱতা। হোজইত দিন দুপৰতে মানসিকভাৱে বিকাৰগ্ৰস্থ যুৱতীৰ ওপৰত চলিল যৌন নিৰ্যাতন। দুই নৰপিশাচে হোজাইৰ গৌৰ নগৰত এই ঘটনা সংঘটিত কৰে ৷ দক্ষিণ জামুহণ্ডল গাঁওৰ প্ৰেম ভগত নামৰ যুৱক জনে তেওঁৰ বন্ধু ৰমেশ ভগতৰ সৈতে মিলি গৌড় নগৰ অঞ্চলত ঘূৰিফুৰা একগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্থ যুৱতীক খোৱাৰ প্ৰলোভন দি গাঁওৰ এখন সৰু হাবিত নি যুৱতী গৰাকীৰ লগত যৌন নিৰ্যাতন চলায়। স্থানীয় লোকে প্ৰত্যক্ষ কৰি যুৱতী গৰাকীৰ সৈতে দুই যুৱকক কৰায়ত্ব কৰে। সুযোগ বুজি ৰমেশ ভগত নামৰ যুৱক জন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে প্ৰেম ভগতক ৰাইজে উত্তম মধ্যম দি বান্ধি থয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰেম ভগত আৰু যুৱতী গৰাকী আটক কৰি হোজাই আৰক্ষী থানালৈ লৈ আহে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close