অসম

১৫ বছৰে মুকলি নহল টীয়ক কাৱৈমাৰী স্বাস্থ্যকেন্দ্ৰ : স্বাস্থ্যমন্ত্রীৰ সুমতি কামনাৰে নাম প্ৰসংগ স্থানীয় ৰাইজৰ

প্ৰথম খবৰ,জাঁজী: অথ: স্বাস্থ্য সংবাদ ! এইখন অসমত ১৫ বছৰেও ৰাইজৰ সেৱাত মুকলি নহয় স্বাস্থ্য কেন্দ্ৰ। যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ পূব টীয়ক গাওঁ পঞ্চায়তৰ ২ নং কাৱৈমাৰী গোঁহাইগাঁওত ২০০২ চনতে নিৰ্মান কৰা হৈছিল এটা স্বাস্থ্য উপকেন্দ্ৰ। কিন্তু নিৰ্মান সম্পূৰ্ণ হোৱাৰ ১৫ বছৰৰ পাছতো ৰাইজৰ সেৱাত মুকলি নহল স্বাস্থ্য কেন্দ্ৰটো। মাজতে ঠিকাদাৰ বিষয়াৰ স্বাৰ্থত স্বাস্থ্য উপ কেন্দ্ৰ টো এবাৰ মেৰামতি কাৰ্য্য সম্পন্ন কৰা হয় ৷ স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসক,চিকিৎসাকৰ্মী নিয়োগ আৰু মুকলি নকৰাৰ পৰিপ্ৰেক্ষিতত সামান্য ৰোগতে ৰোগীক বাটকুৰি বাই ৮/১০ কি.মি. নিলগৰ টীয়ক এফ আৰ ইউ লৈ কঢ়িয়াব লগা হয় । স্থানীয় লোকে স্বাস্থ্যকেন্দ্ৰটো মুকলি কৰাৰ বাবে যোৰহাট জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু স্থানীয় বিধায়কক বহুবাৰ আবেদন নিবেদন জনাইও সুফল নাপালে। অৱশেষত ৰাইজ শৰণাপন্ন হল অদৃষ্টৰ । নাম প্ৰসংগৰে ভগৱানক সন্তুষ্ট কৰি স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগক সুমতি দিয়াৰ আহ্বান জনালে স্বানীয় ৰাইজে । যাতে সোণকালে ৰাইজৰ সেৱাত মুকলি হয় স্বাস্থ্য কেন্দ্ৰটো ।

Related Articles

Leave a Reply

Close