অসম

১৯৯৬ চনৰে পৰা পৰিতক্ত ৰূপত থকা ঢকুৱাখনা-ধেমাজি সংযোগী পথৰ এখন কাঠৰ দলং

প্ৰথম খবৰ,ঢকুৱাখনা: ১৯৯৬ চনৰে পৰা পৰিতক্ত ৰূপত আছে ঢকুৱাখনা আৰু ধেমাজি সংযোগী পথৰ এইখন কাঠৰ দলং ৷ গাওঁবাসীয়ে পকী দলংৰ আশা লৈ এই ভগা দলংখনৰ ওপৰেদি অহা যোৱা কৰিব লগীয়া হৈছে। ৰাস্তাৰ এটা পাৰৰ পৰা আনটো পাৰলৈ যাবলৈ বহু সময় ৰৈ থকাৰ লগতে এতিয়া সৰু সুৰা গাড়ী চলাবলৈও উপযুক্ত নহয় ৷ কাৰণ গাঁৱৰ ৰাইজে পাৰি দিয়া দুডালমান বাঁহৰ বাহিৰে কাঠ এই দলং খনত নাই। যাৰ ফলত গাঁৱৰ ৰাইজে এতিয়া এনেকৈয়ে বাঁহ পাৰি অহা যোৱা কৰি যমৰ যাতনা ভুগিবলগীয়া হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close