অসম

২৫ বছৰীয়া যুৱকে ধৰ্ষণ কৰিলে নাবালিকা ছাত্ৰীক

প্ৰথম খবৰ,খাৰুপেটিয়াঃ ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা সংঘটিত হ’ল দৰং জিলাৰ খাৰুপেটিয়া থানাৰ অন্তৰ্গত ঘনশিমুলী গাঁৱত। উল্লেখ্য যে যোৱাকালি ঘনশিমুলী গাঁৱত ভাড়াতীয়া হিচাৱে থকা ইউছুফ আলী নামৰ পাষণ্ড যুৱকজনে ফুচলাই মাতি নি ১০ বছৰীয়া নাবালিকা ছাত্ৰী গৰাকীক ধৰ্ষণ কৰে ৷নাবালিকা ছাত্ৰী গৰাকীৰ ৰক্ত শৰণ হোৱাত সোধপোছ কৰাত ভাড়াতীয়া ইউছুফ আলীয়ে ছোৱালী জনীক ধৰ্ষণ কৰাৰ বাবে ৰক্ত শৰণ হয় ৷পিছে ছাত্ৰী গৰাকীৰ মাতৃয়ে ইউছুফ আলীৰ পিতৃ আবুক অভিযোগ দিয়াত নিৰ্যাতিতা ছোৱালী জনীক ঔষধ কিনি খোৱাবৰ বাবে টকা দি ঘটনাটো গাপ দিবলৈ বিচাৰে ৷ মাতৃয়ে টকা ল’বলৈ অমান্তি হোৱাত পাষণ্ড ইউছুফ আলীয়ে মাৰিবলৈ খেদি আহে আৰু কথাষাৰ ৰাইজে গম পালে নাবালিকা গৰাকীক মাৰি পেলাব বুলি ভাবুকি দিয়ে ৷ পিছত নাবালিকাৰ পৰিয়ালে খাৰুপেটিয়া আৰক্ষী থানাত এখন গোচৰ দাখিল কৰে আৰু উক্ত ২৫৯/১৭ নম্বৰৰ গোচৰৰ ভিত্তিত খাৰুপেটিয়া আৰক্ষীয়ে ইউছুফ আলীক গ্ৰেপ্তাৰ কৰে ৷

 

Related Articles

Leave a Reply

Close