অসম

২৫ লক্ষ টকা বাজেটেৰে তিনিচুকীয়াত ক’ল ইণ্ডিয়াৰ চব কা চাথ চবকা বিকাশ সন্মিলন

প্ৰথম খবৰ , লিডু : অহা ১৪ জুনত উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাই ২৫ লক্ষ টকা বাজেটেৰে তিনিচুকীয়াৰ আই টি আইৰ প্ৰাঙ্গনত চব কা চাথ চব কা বিকাশ সন্মিলনৰ আয়োজন কৰিছে । আজি মাৰ্ঘেৰিটাস্থ মহাপ্ৰৱন্ধক যুগল বৰাই প্ৰতিষ্ঠানটোৰ সভাকক্ষত অনুষ্ঠিত এখনি সংবাদ মেলত সদৰী কৰে । ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী মুখ্য অতিথি আৰু লক্ষ্মীমপুৰৰ সাংসদ প্ৰদান বৰুৱা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিবলগীয়া সন্মিলনখনত নৰেন্দ্ৰ মোডী চৰকাৰৰ তিনিবছৰীয়া কাৰ্যকালৰ উন্নয়নৰ খতিয়ান দাঙি ধৰা হ’ব। এই অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ তিনিবছৰীয়া কাৰ্যকালৰ খতিয়ানকলৈ প্ৰস্তুত কৰা আৰু ক’ল ইণ্ডিয়াক লৈ প্ৰস্তুত কৰা একোখনকৈ তথ্য চিত্ৰ প্ৰদৰ্শিত হ’ব । ইয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হ’ব। সংবাদ মেল খনত প্ৰতিষ্ঠানটোৰ মহাপ্ৰৱন্ধক বৰাই সাংবাদিকৰ প্ৰশ্নত সদৰী কৰা মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত কয়লাৰ মূল্য হ্ৰাস হোৱা হেতুকে সম্প্ৰতি উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ বিভিন্ন কলিয়ৰীত উৎপাদিত কয়লা উৎপাদন ব্যয়তকৈ প্ৰতি টনত এক হাজাৰ টকা লোকচান হৈ আছে । অৱশ্যে কয়লাৰ চাহিদা বৃদ্ধি পোৱাৰ কথা স্বীকাৰ কৰে বৰাই। অন্যহাতে লেখাপানীৰ প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পৰ বাৰ্ষিক প্ৰয়োজনীয় ৩৫ লক্ষ টন কয়লাৰ চাহিদা কিদৰে পূৰণ হ’ব বুলি সাংবাদিকে জানিব বিচৰাত মহাপ্ৰৱন্ধক বৰাই বৰ্তমানে চলি থকা টিৰাপ আৰু টিকক প্ৰকল্পৰ জড়িয়তে এই চাহিদা কোনো পধ্যে পূৰণ সম্ভৱ নহয় বুলি জানিবলৈ দি তেওঁ প্ৰকাশ কৰা মতে ১৯৯২ চনৰ পৰা ২০১৭ চনলৈকে কোনো এটা বৰ্ষতে উত্তৰ পূব কয়লা ক্ষেত্ৰই ১১ লক্ষ টনৰ অধিক কয়লা উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই । তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰয়োজনীয় কয়লাৰ চাহিদা পূৰণৰ বাবে নতুনকৈ জাগুন , টিপং জয়পুৰ আৰু লেখাপানীত মুক্ত খনন প্ৰকল্প টিকক আৰু টিৰাপত অধিক উৎপাদন ক্ষমতাৰে কয়লা উৎপাদন আৰম্ভ কৰাৰ যো-জা চলোৱাৰ কথা জানিবলৈ দি সদৰী কৰা তথ্য অনুযায়ী – বাৰ্ষিক হিচাপে জাগুনত ৫ লক্ষ , টিপং ত ১০ লক্ষ , লেখাপানীত ২. ৫ লক্ষ টিৰাপত ৬ লক্ষ টিককত ১০ লক্ষ আৰু জয়পুৰত ১.৫ লক্ষ টন কয়লা উৎপাদনৰ লক্ষ্য লোৱা হৈছে । এইদৰে লক্ষ্য অনুযায়ী কয়লা উৎপাদন কৰিব পাৰিলে তাপ বিদ্যুৎ প্ৰকল্পৰ চাহিদা পুৰণ কৰিব পৰা যাব বুলি মহা প্ৰৱন্ধক বৰাই বৰ্তমানে কয়লা যোগান ধৰি থকা বঙাই গাওঁ তাপ বিদ্যুত প্ৰকল্পকে ধৰি বহু কেইটা প্ৰতিষ্ঠানত কয়লা যোগান বন্ধ কৰি দিব লাগিব বুলি কয়। অন্যহাতে প্ৰতিষ্ঠান টোৱে সমাজকল্যাণ আঁচনিৰ অধীনত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ এটা বৃহৎ ব্লক নিৰ্মাণ , লংটং স্থিত চীনা সৈনিকৰ সমাধি মাৰ্ঘেৰিটাৰ বৃটিছ সমাধি পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সুন্দৰকৈ পাৰ্ক ৰূপত নিৰ্মাণ কৰাৰ বাবে পুজি আৱণ্টন দিব বুলি জনায় ।

Related Articles

Leave a Reply

Close