অসমবিনোদনশীৰ্ষ

৩০ জুনত গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত K-Pop Indiaৰ মেগা শ্ব’

নিউজ ডেস্ক,প্ৰথম খবৰ: কোৰিয়া বিদেশ মন্ত্ৰণালয়ৰ অধীনৰ কোৰিয়ান সাংস্কৃতিক কেন্দ্ৰ, দিল্লীৰ উদ্যোগত আৰু গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক গোষ্ঠী ‘ভাৱৰীয়া’ৰ সৌজন্যত অহা ৩০ জুন ২০১৭ তাৰিখ শুক্ৰবাৰে অনুষ্ঠিত হ’ব K-Pop India 2017 ৰ এক বিশেষ মেগা শ্ব’ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ K-Pop India ৰ অনুৰাগীৰ বিশেষ সুবিধাৰ্থে মাছখোৱা সাংস্কৃতিক প্ৰকল্পত সেইদি‌না সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত দক্ষিণ কোৰিয়ান মিউজিকেল বয় বেণ্ড LUCENTE এ সংগীতানুষ্ঠান পৰিৱেশন কৰিব ৷ ইয়াকে লৈ অনুৰাগীসকল ব্যাপক উৎসাহিত হৈ পৰিছে। উল্লেখ্য যে, ৬ষ্ঠ বাৰৰ বাবে কোৰিয়ান সাংস্কৃতিক কেন্দ্ৰই আয়োজন কৰা K-Pop India 2017 অনুষ্ঠানৰ মেগা শ্বো’ দেশৰ মুঠ ১১ খন চহৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ গুৱাহাটী, না‌গালেণ্ড, আৰু মিজোৰামত অনুষ্ঠিত হ’ব। গুৰুত্বপূৰ্ণ কথা যে দক্ষিণ কোৰিয়াত K-Pop এক অন্যতম ব্যাপক জনপ্ৰিয় সংগীত-কলা হিচাপে পৰিগণিত হৈছে। কোৰিয়ান পৰম্পৰাগত নৃত্য আৰু সংগীতক আধুনিক ভাৱে উপস্থাপন কৰি ইয়াক প্ৰসাৰ-প্ৰচাৰ হেতুকে কোৰিয়ান সকলে কোৰিয়াৰ নৃত্যশৈলিক আৰু স্থানীয় সংগীত শৈলিক নতুনত্ব প্ৰদানৰ বাবে ব্যাপক প্ৰচেষ্টা অব্যাহত ৰাখিছে। K-Pop জনপ্ৰিয় আ‌ৰু অধিক জনাজাত হ’ব পৰাকৈ সংক্ষেপে K-Pop নামেৰে নামাকৰণ কৰিছে যদিও K-Pop মানে হ’ল Korean Popular Musical art form । অৱশ্যে K-Pop ৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে ১৯৯০ দশকৰ ফালে পোন প্ৰথম বাৰৰ K-Pop দক্ষিণ এছিয়াৰ দেশ সমূহত ব্যাপক প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰিলে। ইপিনে ২১ শতিকাৰ আৰম্ভণি ভাগতে K-Pop জাপানৰ সংগীতৰ বজাৰত প্ৰৱেশ কৰে। অন্যহাতে ২০০০ চনত এই সংগীত কলাই নৱপ্ৰজন্মৰ লগতে প্ৰাপ্ত:বয়স্ক সকলোবোৰ ব্যাপক প্ৰ‌ভাৱিত কৰি পূব এছিয়াৰ আৰু দক্ষিণ-পূৱ এছিয়াৰ বিভিন্ন দেশবিলাকত প্ৰচুৰ পৰিমাণে প্ৰচলিত হ’য়। সম্প্ৰতি ইয়াৰ প্ৰসাৰতা সমগ্ৰ এছিয়া মহাদেশৰ উপৰিও অনা এছিয়া দেশ যেনে- আমেৰিকা যুক্তৰাষ্ট্ৰ ৰ লগতে ইউৰোপিয়ান দেশ বিলাকতো K-Pop ৰ জনপ্ৰিয়তা দুগুণ বৃদ্ধি হ’বলৈ ধৰিলে। মন কৰিবলগীয়া যে, শেহতীয়াকৈ ২০০০ চনৰ পৰা Korean Pop Music ভাৰতৰ উত্তৰ-পূবাঞ্চলত সাংঘাতিক মাত্ৰাত প্ৰসাৰতা লাভ কৰিছে। ইতিমধ্যে অসম জীয়ৰী প্ৰিয়ংকা মজুমদাৰে World K-Pop 2016 ৰ কুৰিয়াৰ প্ৰতিযোগিতাত Best Vocal Award আৰু যোৱাবাৰৰ K-Pop India ৰ চেন্নাইৰ চূড়ান্ত অনুষ্ঠানত বিজয়ী হ’বলৈ সক্ষম হৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখ্য যে, অহা ৩০ জুনৰ সন্ধিয়া ৬ বজাত অনুস্থিত হ’বলগীয়া বিনামূলীয়া প্ৰৱেশৰ এই মেগা শ্ব’ৰ অনুষ্ঠানত কোৰিয়ান সাংস্কৃতিক কেন্দ্ৰ, দিল্লীৰ সঞ্চালক মি: কিম কোম য়াং, ‌অৰুণাচল প্ৰদেশৰ কলা আৰু সাংস্কৃতিক মন্ত্ৰী ড: মহেশ চায়ে এই মেগা শ্ব’ত অংশগ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close