অসম

৭ টা গৰুৰ তেজেৰে ৰাঙলী হ’ল মৰান-নাহৰকটীয়া ৰাজপথ 

প্ৰথম খবৰ, টিংখাং: ৭ টাকৈ গৰুৰ তেজেৰে ৰাঙলী হ’ল টিংখাং – ৰাজগড়ৰ মাজেদি যোৱা মৰান – নাহৰকটীয়া ৰাজ্যিক পথ । তীব্ৰবেগী গধুৰ ট্ৰাকে নিশা মহটিয়াই নিয়ে পথত জিৰণি লৈ থকা ৭ টাকৈ গৰুক । ফলত ৫ টাকৈ গৰুৰ দুখজনকভাৱে কৰুণ মৃত্যু হোৱাৰ লগতে দুজনী গাই গৰু মৃত্যু যান্ত্ৰনাত উৰে নিশা চটফটাই থাকিব লগা হ’ল । কাৰণ খবৰ দিয়াৰ পাছতো টিংখাং চাৰিআলিত সংঘটিত দুৰ্ঘটনাস্থলীত উপস্থিত নহ’ল পশু চিকিৎসক। ইপিনে ৰাজগড় তিনিআলি সমীপতো সন্ধিয়া পথৰ ওপৰত শুই জিৰণি এজনী গাই গৰু মহতিয়াই নিয়ে ট্ৰাকে । মন কৰিবলগীয়া যে সন্ধিয়া নমাৰ লগে লগে গৰুৰ গৰাকীয়ে বিচাৰি ঘৰৰ গোঁহালীলৈ নিনিয়াৰ ফলতেই আৰু মৰান – নাহৰকটীয়া ৰাজ্যিক পথৰ কাষে কাষে কাঠফুলাৰ দৰে গজি উঠা ধাবা সমুহত মদ্যপান কৰি একাংশ উদণ্ড চালকে ৰাজপথত কৰি অহা অতপালিৰ বাবেই এনে দুখজনক ঘটনা বৃদ্ধি পাব ধৰিছে । প্ৰশ্ন হয়, মদাহী উদণ্ড ট্ৰাক চালকৰ লগতে মদ বিক্ৰী কৰি থকা ধাবা সমুহ নাকী লগাই এনে দুৰ্ঘটনা হ্ৰাস কৰিব কোনে পাৰিব ?

 

Related Articles

Leave a Reply

Close