অসম

ৰংজুলিত পথ দুৰ্ঘটনাত নিহত ১

প্ৰথম খবৰ,ৰংজুলি: আজি আবেলি প্ৰায় ৪-৩০ বজাত ৰংজুলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দোসীমাপাৰাত ৩৭ নং ৰাষ্ট্রীয় পথত এখন পিকআপ ভান আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী। নিহত বাইক আৰোহীজন ভূপেন কুমাৰ নাথ বুলি চিনাক্ত কৰে আৰক্ষীয়ে।বন্ধন বেংকৰ কৰ্মচাৰী আছিল ভূপেন কুমাৰ নাথ । নাথৰ ঘৰ দৰং জিলাৰ গুৰুখুটি অঞ্চলত বুলি জানিব পৰা গৈছে । গুৰুতৰ ভাবে আহত হয় নাথৰ সহযাত্ৰী মানস দাসেও । মানস দাসৰ ঘৰ বাইহাটা চাৰিআলিত। সংকট জনক অৱস্থাত মানসক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । পিকআপ খনৰ চালক হেণ্ডিমেন হাছিমুদ্দিন আলী আৰু চাইদুল ইছলামো গুৰুতৰ ভাবে আহত হয়। সংকট জনক অৱস্থাত দুয়োকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈলৈ প্ৰেৰণ কৰা হয়। পিকআপ খনে গুৱাহাটীৰ পৰা মানকাচৰলৈ পাৱাৰ টিলাৰ কঢ়িয়াই লৈ আনিছিল । দুৰ্ঘটনা সংঘটিত হোৱা পিকআপ খনৰ পঞ্জীয়ন নম্বৰ AS 01 GC 5599 আৰু বাইকৰ পঞ্জীয়ন নম্বৰ AS 01BW 7280

Related Articles

Leave a Reply

Close