অসম

ৰঙিয়াত পথ দুৰ্ঘটনা: নিহত ১

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়াৰ আই অ’ চি ৰ সমীপৰ গোপালপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা । যোৱা নিশা এজনক মহতিয়াই পলায়ন অচিনাক্ত তীব্ৰ বেগী বাহনৰ। থিতাতে নিহত গণেশ দেৱ(২৯) নামৰ মটৰ মেকানীক এজন । কেইবা বছৰ ধৰি গনেশ নামৰ যুৱক জনে ৰঙিয়া আই অ চিত গাড়ীৰ মেকানীক হিচাবে কৰ্মৰত আছিল । ইতিমধ্যে মৃত যুৱক জনৰ মৃতদেহ ৰঙিয়া আৰক্ষী থানালৈ অনা হৈছে । সৰবৰহী যুৱকজনৰ অকাল মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰিছে ৷

Related Articles

Leave a Reply

Close