অসম

ৰঙিয়াত কিশোৰী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা : অভিযুক্তক আটক

প্ৰথম খবৰ, নিউজ ব্যুৰ’ : নগাঁৱৰ যমুনামুখৰ এগৰাকী শিক্ষয়িত্ৰী কৰ্তব্যৰ পৰা আহি থকা অৱস্থাত ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে আজি ৰঙিয়াত এগৰাকী কিশোৰী ছাত্ৰীয়ে টিউচনৰ পৰা ঘৰলৈ গৈ থাকোতে এজন যুৱকে ধৰ্ষণৰ চেষ্টা চলোৱা ঘটনাই সমগ্র ৰঙিয়া জোকাৰি গৈছে । ঘটনাৰ বিষয়ে জানিব পৰামতে ৰঙিয়া তিনিআলিৰ ওচৰৰ এটা উপ পথৰ পৰা ৰঙিয়া সৰস্বতী কলনীৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে নিশা টিউচনৰ পৰা আহি আছিল । উক্ত স্থানত নিৰ্নীয়মান ভৱনত ৰাজমিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰা এজন যুৱকে নৱ নিৰ্মিত ভৱনত দশম মান শ্ৰেণীৰ ছাত্ৰী গৰাকীক টানি নি ধৰ্ষণৰ চেষ্টা চলায়। সেই সময়তে ছাত্ৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ব্যক্তি সকলে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী গৰাকীক ৰক্ষা কৰাৰ লগতে যুৱক জনক গণ প্ৰহাৰ দি ৰঙিয়া আৰক্ষীক গতাই দিয়ে। নিজকে ৰঙিয়া মহকুমাৰ গুৰমৌৰ সমীপৰ চান্দমাৰীৰ তাজনুৰ আলী (২৫) বুলি চিনাকী দিয়া যুৱকজনক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে । ইফালে ছাত্ৰী গৰাকীৰ পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত যুৱক জনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ।

Related Articles

Leave a Reply

Close