অসম

ৰঙিয়া দেউলকুছিত চকু চিকিৎসা শিবিৰ

প্ৰথম খবৰ, ৰঙিয়া: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ  সংগঠন AEC class88 Foundation ৰ উদ্যোগত ৰঙিয়াৰ সমীপৰ দেউলকুছিত আজি দিন জোৰা কাৰ্যসূচীৰে  চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় । দেউলকুছি নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হোৱা  শিবিৰত চকু বিশেষজ্ঞ ডাঃ বৰ্ণালী ভট্টচাৰ্য্য আৰু ডাঃ বিজুলী গোস্বামীয়ে সেৱা আগবঢ়ায় । চিকিৎসা শিবিৰত আঞ্চলটোৰ বহু ব্যক্তিয়ে বিনামূলীয়া চিকিৎসা  লাভ  কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ লাভ কৰে । আন হাতে চকু চিকিৎসা শিবিৰৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়  ।এই কাৰ্যসূচী উদ্বোধন কৰে বিটিছিৰ প্ৰাক্তন MCLA পবিত্র বড়োৱে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close