অসম

ৰাইজে চান্দা সংগ্ৰহ কৰি নিৰ্মাণ কৰিলে বাহৰ সাঁকো

প্ৰথম খবৰ ,খাৰুপেটিয়া: দৰং জিলাৰ দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ আৰিমাৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ধৰনিপুৰ গাওৰ ৰাইজক স্থানীয় বিধায়কৰ পৰা আৰম্ভ কৰি জিলা পৰিষদৰ সদস্য তথা পঞ্চায়তৰ জন প্ৰতিনিধি সকলে বিগত ২০ বছৰ ধৰি নিৰ্বাচনৰ সময়ত মিছা প্ৰতিশ্ৰুতিৰে এই নিৰক্ষৰ লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ এই কৃষি প্ৰধান গাওখনৰ মাজেৰে খোকাজানী নামেৰে এক নদী বৈ যোৱাত বাৰিষাৰ বানপানীয়ে কৃষকৰ খেতিবাতি নস্ট কৰাত পানীত হাঁহ নচৰা অৱস্থা হৈ যায় খেতিয়ক সকলৰ ৷ সমস্টি উন্নয়নত ফুল জাৰি মৰা স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে তেওৰ ১৫ বছৰীয়া কাৰ্যকালত তেওৰ বাসভৱনৰ মাত্ৰ ৪ কিঃমিঃ দুৰত্বত থকা এই ধৰনীপুৰ গাওঁখনত নাই কোনো বাট-পথ নাই কোনো যাতায়ত ব্যৱস্থা ৷ বছৰৰ বাৰ মাহেই পানী থকা খোকাজানী নদী খনৰ ওপৰত এখন কাঠৰ দলংৰ বাবে স্থানীয় বিধায়কক বাৰংবাৰ আবেদন কৰাৰ পিছতো কোনো কানসাৰ নাই ৷ বছৰৰ বাৰ মাহে পানী থকা খোকাজানী নদীৰ ওপৰত কোনো ধৰনৰ যাতায়তৰ ব্যৱস্থা নথকাৰ বাবে আঠুঁত প্ৰাণলৈ স্কুলত যাব লগা হয় কণকণ ছাত্ৰ-ছাত্ৰীৰ ৷ অৱশেষত স্থানীয় জন প্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই নিজে বৰঙনি তুলি বাহঁৰে সাকোঁ নিৰ্মাণ কৰিলে স্থানীয় জনসাধাৰণে ৷

Related Articles

Leave a Reply

Close