শেহতীয়া
Home / অসম / “ৰাইজৰ উন্নয়ণ আৰু বিকাশ এতিয়া বিজেপিয়ে কৰি দেখুৱাব পাহাৰীয়া জিলা কাৰ্বি আংলঙত”—হিমন্ত বিশ্ব শৰ্মা

“ৰাইজৰ উন্নয়ণ আৰু বিকাশ এতিয়া বিজেপিয়ে কৰি দেখুৱাব পাহাৰীয়া জিলা কাৰ্বি আংলঙত”—হিমন্ত বিশ্ব শৰ্মা

প্ৰথম খবৰ,খেৰণি: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি চলি থকা নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰাৰ সংকেত ধ্বনি নিৰ্বাচনী আয়োগে দিয়াৰ পূৰ্বেই পাহাৰীয়া জিলা কাৰ্বিআংলঙত থকা ৰাজনৈতিক দলবোৰে অধিক তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে জিলাখনত৷ আজিওঁ পশ্চিম কাৰ্বি আংলঙত আন আন ৰজনৈতিক দলৰ সমান্তৰালকৈ সমাগত দ্বাদশ কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ পৰিষদীয় ৫ নং ৰংখাং সমষ্টিৰ সাতগাওঁত জনসাধাৰণৰ আগত কংগ্ৰেছক কটাক্ষ কৰি অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে “পোন্ধৰ বছৰেই কংগ্ৰেছে ৰাইজৰ ধন উদৰ পুৰাই খালে গতিকে এতিয়া পেট পেলাই শুই থাকক এওঁলোক, ৰাইজৰ উন্নয়ণ আৰু বিকাশ এতিয়া বিজেপিয়ে কৰি দেখুৱাব পাহাৰীয়া জিলা কাৰ্বি আংলঙত”৷ আনহাতে কাৰ্বি আংলঙৰ কংগ্ৰেছ নেতা, মন্ত্ৰী, সাংসদক বাক্যবানেৰে আক্ৰমন কৰি কয় খৰছিং ইংতি, বিৰেনছিং ইংতিয়ে খুলশালী-শালপতিৰ ৰাজনীতি কৰিলে অৰ্থাৎ পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিলে, ইফালে জয়ন্ত ৰংপিয়ে স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী তুলি হিংসা হত্যাৰ সৃষ্টি কৰি স্বায়ত্ব শাসিত ৰাজ্যৰ লাভৰ পৰিবৰ্তে নিজকে বৃহৎ বহৎ ৰৱৰ বাগানৰ অধিকাৰী কৰিলে৷ তাৰ বাদে এওঁলোকে পাহাৰীয়া জিলাখনৰ বাবে একো নকৰিলে৷ কিন্তু বিজেপিয়ে তেনে চিন্তা অকনো কৰা নাই, বিজেপিয়ে কৰিছে কেৱল দুখীয়া ৰাইজক সকাহ দিবলৈ পাহাৰীয়া জিলাখনৰ উন্নয়ণ আৰু বিকাশ কৰাটো৷ বিজেপিয়ে ৰাইজক মাংখ খাবলৈ বন্ধ কৰাৰ কোনো অভিসন্ধিয়ে ৰচনা কৰা নাই৷ বিজেপিয়ে মাংখ খোৱাৰ বাবে প্ৰয়োজনীয় উপাৰ্জনৰ উপায়ৰ কথাহে চিন্তা কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীৰ মাজত বিনামুলীয়া পাঠ্যপুথিৰ যোগান আৰু কাৰ্বি আলঙত বি এড কলেজ, পলিটেকনিক কলেজ, বিজ্ঞান শাখাৰ মহাবিদ্যালয়, নাৰ্ছিং কলেজ আদি স্থাপন কৰি জিলাখনৰ যুৱক-যুৱতীক যোগ্যতাপূৰ্ন হিচাপে গঢ় দি সংস্থাপন আদি দি উপাৰ্জনক্ষম কৰাৰ চেষ্টাহে কৰিছে বিজেপিয়ে৷ আনহাতে ২০০ বিচনাযুক্ত অসামৰিক চিকিৎসালয় স্থাপন, অটল অমৃত আঁচনি আদিৰে ২ লাখ পৰ্যন্ত চিকিৎসা সাহাৰ্য, বিনামূলীয়া ৰক্ত পৰীক্ষা, চিটি স্কেন, এক্সৰে আদি ব্যৱস্থা কঠিন ৰোগত আক্ৰান্ত ৰোগীক সহায়ৰ হাত বঢ়াবলৈ কেৱল এই বিজেপি চৰকাৰেখনে বিভিন্ন আঁচনি আদি হাতত লৈছে বুলি শৰ্মাই উল্লেখ কৰে৷ লগতে মহিলাৰ সবলীকৰনৰ চিন্তাৰে মহিলা আত্মসহায়ক গোটক চাৰি বছৰৰ ভিতৰত ৩ লাখ ৭৫ হাজাৰ সাহাৰ্য দিয়াৰ ব্যৱস্থা লৈছে বিজেপিয়ে য’ত নেকী কংগ্ৰেছে ৫ টা বছৰৰ ভিতৰত কেৱল ৫ হাজাৰ টকাহে দিছিল এই মহিলা আত্মসহায়ক গোটসমুহক৷ বিজেপিয়ে জাতি, বৰ্ণ, খাদ্য আৰু ধৰ্ম যেনে খ্ৰীষ্টান, হিন্দু, মুছলমান, শিখ, জৈন আদিৰে ৰাজনীতি কৰি ৰাইজৰ মাজত বিভেদ সৃ্ষ্টি কৰাৰ কিঞ্চিত চিন্তাও কৰা নাই; মুঠতে বিজেপিয়ে কৰিছে কেৱল কাৰ্বি আংলঙত ক্ৰীড়া, পৰিষদৰ পূঁজি বৃদ্ধি, নিবনুৱা সমস্যা সমাধান, পৰ্যটন ক্ষেত্ৰৰ বিকাশ, শিক্ষাৰ মানদণ্ড উন্নিতকৰন, চিকিৎসা, বিশুদ্ধ খোৱা পানী, যাতায়াত, সীমান্ত সুৰক্ষা আদিৰ সৰ্বাগিন উন্নয়ণ-বিকাশৰ চিন্তা আৰু লক্ষ্যহে লৈছে বিজেপিয়ে বুলি কৈ ৰাইজক বিজেপিত ভোটদান কৰি কাৰ্বি পৰিষদত বিজেপি চৰকাৰ গঠন কৰাত সহায় আগবঢ়াবলৈ আহ্বান জনায় ড° শৰ্মাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*