অসম

ৰাজগড় তেল ডিপোত যুৱ ছাত্ৰ পৰিষদৰ মাৰপিট : কেবাজনো আহত

প্ৰথম খবৰ,টিংখাং : জাতীয় সংগঠন সমুহৰ একাংশ নেতা কৰ্মীৰ উদ্ভণ্ডালিৰ সন্দৰ্ভত নিতৌ বাতৰি প্ৰকাশ হৈ অহাৰ সময়তে ডিব্ৰুগড় জিলাৰ ৰাজগড়স্থিত আছাম অইলৰ একমাত্ৰ তেল ডিপোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি মাৰপিটৰ ঘটনা সংঘটিত কৰি ৰাইজৰ চকু কঁপালত তোলে । সাধাৰণ এটা বটলক কেন্দ্ৰ কৰি সংঘটিত এই মাৰপিটৰ ঘটনাত ডিপুটোৰ কেবাজনো কৰ্মচাৰী গুৰুত্বৰভাবে আহত হয় । পৰিষদৰ এজন সদস্যই পুৱা তেল নিবলৈ বুলি ডিপোৰ কৰ্মচাৰীক এটা বটল বিছাৰে । কিন্তু বটল দিবলৈ অসমৰ্থ হোৱাত দুয়োৰে মাজত প্ৰথমে তীব্ৰ তৰ্কা তৰ্কিৰ সৃষ্টি হয় । কিছুসময়ৰ পাছতে ডিপু চৌহদত পৰিষদৰ ১৫/২০ জনীয়া এটা দল উপস্থিত হৈ পৰিবেশ উত্তপ্ত কৰাৰ লগতে কৰ্মচাৰীসকলক বেয়াকৈ মাৰধৰ কৰি অপদস্হ কৰে । তাৰ মাজতে এজনে প্লাষ্টিকৰ চকীৰে সহ: পৰিচালক অৰবিন্দ সিঙৰ (৪৪) মুৰত প্ৰচণ্ড যোৰে আঘাট কৰে । ফলত প্ৰচুৰ ৰক্তক্ষৰণ হয় সিঙৰ । তেনে সময়তে ৰাজগড় আৰক্ষী উপস্থিত হৈ আহত সকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰি পৰিষদৰ নেতা কৰ্মীক নীতি শিক্ষা দিয়ে । ইপিনে এই ঘটনাৰ পাছত আজি সমগ্ৰ দিনটো ডিপোটো বন্ধ থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কেজনমানে ডিপুটোৰ কাষতে অবৈধভাৱে প্ৰতি লিটাৰ পেট্ৰল ১০০ টকাকৈ বিক্ৰী কৰে যদিও ভীষণ সমস্যাৰ সন্মুখীন হব লগা হয় । এই সমগ্ৰ ঘটনাটো ৰাজগড় আৰক্ষী চকী পৰ্যন্ত গৈ পায় যদিও দুয়ো পক্ষৰ মাজত মিলামিছা হোৱা বুলি জনাইছে আৰক্ষী বিষয়া বিদ্যুৎ দত্তই ।

Related Articles

Leave a Reply

Close