অসমশীৰ্ষ

ৰাজধানী এক্সপ্ৰেছত পুনৰ লটিঘটি ডিগবৈৰ বিধায়কৰ : এইবাৰ ৰেলখনত ভোজন কৰি অসুস্থ হ’ল বিধায়ক সুৰেণ ফুকন

প্ৰথম খবৰ,পেঙেৰী: দেশৰ সৰ্বশ্ৰেষ্ঠ ট্ৰেইন হিচাবে পৰিচিত ৰাজধানী এক্সপ্ৰেছত ভ্ৰমণ কৰোতে সাৱধান ৷ কিয়নো দেশৰ আটাইতকৈ সুৰক্ষিত হিচাবে সততে পৰিচিত ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনখন এতিয়া আৰু সুৰক্ষিত নহয় ৷ জেপ লুৰুকা, চোৰ আদিয়ে চলন্ত ট্ৰেইনখনৰ পৰা আপোনাৰ ম’বাইল, মনিবেগ লুটি নিয়াতো এতিয়া ডাঙৰ কথা নহয় ৷ চিন্তনীয় কথাটো হল ট্ৰেইনখনৰ নিম্ন মানদণ্ডৰ খাদ্য ৷ হয় ৰাজধানী এক্সপ্ৰেছত যোগান ধৰা চাহ, ভাত নতুবা ৰুটি খাই যিকোনো মূহূৰ্ত্তত আপুনি হ’ব পাৰে ফুড পইজনিঙৰ চিকাৰ৷ ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনত আহাৰ গ্ৰহন কৰি বৰ্তমানে এজন ব্যক্তি চিকিৎসাধীন হবলগীয়া এক ঘটনা সংঘটিত হৈছে ৷ ব্যক্তিজন কিন্তু আপোনাৰ আৰু মোৰ দৰে সাধাৰণ লোক নহয় ৷ তেও হৈছে অসম চৰকাৰৰ এজন দায়িত্বশীল জনপ্ৰতিনিধি ৷ তেওঁ হ’ল তিনিচুকীয়া জিলাৰ ১২৩ নং ডিগবৈ বিধান সভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ৷ দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি দলৰ সমৰ্থনকাৰী হিচাবে যোগদান কৰিবলৈ যোৱা বিধায়ক গৰাকীয়ে আন এজন সতীৰ্থ বিধায়ক তিনিচুকীয়া সমষ্টিৰ সঞ্জয় কিশানৰ সৈতে নতুন দিল্লীৰ পৰা কাম সামৰি ৰাজধানী এক্সপ্ৰেছ যোগে ঘৰলৈ উভতি অহাৰ পথত এই ঘটনাটো সংঘটিত হয় ৷ ট্ৰেইনখনত যোগান ধৰা খাদ্য গ্ৰহণ কৰি সুৰেণ ফুকনৰ জ্বৰ, বমি আদি হব ধৰে৷ বিধায়ক গৰাকী আজি পুৱাৰ ভাগত তিনিচুকীয়াত উপস্থিত হোৱা মাত্ৰকে তেখেতক ডিগবৈস্থিত অসম তেল সংমণ্ডলৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ দেশৰ আটাইতকৈ সুৰক্ষিত তথা পৰিস্কাৰ পৰিছন্ন ট্ৰেইনখনত যাত্ৰা কৰি আজি বিধায়ক সুৰেণ ফুকন চিকিৎসালয়ৰ বিচনাত ৷ উল্লেখ্য যে কিছুদিনৰ পূৰ্বে এইখন ট্ৰেইনতে গুৱাহাটীৰ পৰা উভতি আহোতে বিধায়ক সুৰেণ ফুকনৰ দুটাকৈ মবাইল, লেপটপ, মানিবেগসহ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ চুৰি হৈছিল ৷ এজন জনপ্ৰতিনিধিয়েই যদি ট্ৰেইনখনত সুৰক্ষিত নহয় তেন্তে সৰ্বসাধাৰণ জনতা কিমান সুৰক্ষিত? এয়া ডিগবৈবাসী জনতাৰ প্ৰশ্ন ৷ বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনখন এতিয়া আৰু কোনোধৰনৰ নিৰাপদ হৈ থকা নাই আৰু ইয়াত জড়িত বিভাগীয় বিষয়া-কৰ্মচাৰী সকল যাত্ৰীৰ প্ৰতি তিলমাত্ৰও দায়বদ্ধ নহয় ৷ এজন জনপ্ৰতিনিধিয়েই যেতিয়া ট্ৰেইনখনত নিৰাপদ নহয় তেন্ত সাধাৰণ জনতাৰ অৱস্থা কি হব পাৰে ৷ বিধায়ক সুৰেণ ফুকনে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বিষয়টো দৃষ্টি গোচৰ কৰি যাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে৷

Related Articles

Leave a Reply

Close