অসম

ৰাজ্যত চলি আছে চিণ্ডিকেট: অখিল গগৈ

প্ৰথম খবৰ, গুৱাহাটী: ৰাজ্যত চলি আছে ছয়টা চিণ্ডিকেট৷ চিণ্ডিকেট বন্ধ কৰাৰ প্ৰতিশ্ৰুতি অসাৰ হ’ল বিজেপি চৰকাৰৰ৷ বৃহস্পতিবাৰে সংবাদমেলত এইদৰে সৰৱ হ’ল অখিল গগৈ৷ কি কি চিণ্ডিকেট চলি আছে তাৰ বাখ্যা দি অখিল গগৈয়ে কয়- কাঠৰ চিণ্ডিকেট, বালিৰ চিণ্ডিকেট, পোনা মাছৰ চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট আৰক্ষী বদলিকৰনৰ চিণ্ডিকেট আৰু আৱকাৰী চিণ্ডিকেট এতিয়াও চলি আছে ৰাজ্যত৷ গুৱাহাটীৰ বান পৰিস্থিতিক লৈ সৰৱ গগৈয়ে হিমন্তই খবৰ নোলোৱাত চোকা সমালোচনা কৰি কয়- বৰ্তমানৰ চৰকাৰেগুৱাহাটীৰ বানপানীৰ বাবে 20 কোটি খৰচ কৰিছে , আবন্টন হৈছে 37 কোটি৷ দিছপুৰ বিধায়ক অতুল বৰাৰ উদ্ধৃতি দি চিণ্ডিকেটৰ অভিযোগ অনা অখিল গগৈয়ে এপিএছচিৰ কেলেংকাৰীক লৈ পুনৰ কটাক্ষ কৰে অভিযুক্ত ৰাকেশ পালক৷ গুৱাহাটীৰ এনফৰ্চমেন্ট ডিটিঅ ও ৰাকেশ পালৰ সন্দেহজনক প্ৰাৰ্থী বুলি মন্তব্য দি অখিল গগৈয়ে হিমন্ত বিশ্বক সমগ্ৰ কেলেংকাৰীৰ নায়ক আখ্যা দিয়ে সংবাদমেলখনত৷

Related Articles

Close