অসম

ৰাজ্যিক ভিত্তিত প্ৰাথমিক শিক্ষকৰ নতুন সংগঠন জন্মৰ প্ৰস্তুতি

প্ৰথম খবৰ, মংগলদৈ/দেওমৰনৈ: দৰং জিলাৰ ছিপাঝাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত নতুন পেঞ্চন নীতি (NPS) ৰ অধীনৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ এখন জৰুৰী সভা কালি অনুষ্ঠিত হৈ যায় । বৰদৌলগুৰিৰ সমূহীয়া ভৱনত শান্তিৰঞ্জন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত NPSৰ শিক্ষক সকলে সন্মুখীন হোৱা সমস্যা সমূহৰ বিষয়ে আলোচনা কৰা হয়। বিশেষকৈ পুৰণা পেঞ্চন আঁচনি বাহাল ৰখাৰ দাবী, NPSত জমাকৃত ধপৰ কোনো তথ্য প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত উপলব্ধ নোহোৱা, পৰিয়ালৰ ভবিষ্যত নিৰাপত্তা বিষয়ত কোনো স্পষ্ট নিৰ্দেশনা নথকা ইত্যাদি বিষয়সমূহৰ আলোচনা কৰা হয় । এই বিষয়ে কোনো সংগঠনে বলিষ্ঠ ভাব মাত নমতাৰ৷কাৰণে NPSৰ অধীনৰ শিক্ষক সকলে এটি ৰাজ্যিক পৰ্য্যায়ত সংগঠন জন্ম দিয়াৰ পোষকতা কৰে । প্ৰাৰম্ভিক ভাৱে খণ্ড আৰু জিলা পৰ্য্যায়ত সংগঠনৰ গঠন কৰিবৰ কাৰণে সভা আহবান কৰিবলৈ আৰু অন্যান্য জিলাৰ লগত যোগাযোগ কৰিবলৈ উক্ত সভাত ২১ জনীয়া আহ্বায়ক সমিতি এখন গঠন কৰা হয়। অন্যান্য জিলা সমূহৰ এনে শিক্ষকক 9854273065 আৰু 8399826871 ফোন নম্বৰত যোগাযোগ কৰি ঐক্যবদ্ধ সংগ্ৰামৰ বাবে উক্ত সভাই আহ্বান জনায় ।

Related Articles

Leave a Reply

Close