যুৱশীৰ্ষসাক্ষাৎকাৰ

ৰুবিকছ কিউবেৰে ব্ৰাজিলত পৰাস্ত কৰিছিলো গুৰুক: কাব্যনীল

ৰুবিকছ কিউবেৰে অসমক বিশ্বৰ সন্মুখত উন্মোচিত কৰিবলৈ সক্ষম হৈছে কাব্যনীল তালুকদাৰে। বয়সৰ জোখেৰে এতিয়াও ২০ পাৰ হোৱা নাই তেওঁ।জন্ম ১৯৯৯ চনৰ ২৬ নবেম্বৰত। বৰ্তমান কটনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ তেওঁ। ইয়াৰ পূৰ্বে নুনমাটিত থকা অসম জাতীয় বিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ৰুবিকছ কিউবৰ মাধ্যমেৰে। এইজন প্ৰতিভাধৰ কিশোৰৰ সাক্ষাৎ গ্ৰহণ কৰিছিল বৰ্ষাজ্যোতি দাস আৰু জোনমণি জোনাক দাসে। প্ৰথম খবৰৰ পাঠকলৈ আগবঢ়াইছোঁ তেওঁৰ সাক্ষাৎকাৰৰ কিয়দাংশ।

 

ৰুবিক কিউবৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ’ল?

আগতে মই এগৰাকী দবা খেলুৱৈ আছিলো। মোৰ জ্যেষ্ঠ ভাতৃ ইন্দ্ৰনীল তালুকদাৰ। মই দাদাৰ সৈতে দবা খেলি ভাৰতৰ বিভিন্ন ঠাইত ইতিমধ্যে ফুৰিছোঁ। ঘটনাক্ৰমে মই ২০১৩ চনত দিল্লীৰপৰা চেন্নাইলৈ দেউতাৰ লগত আহি আছিলো। তাত এখন দবা প্ৰতিযোগিতা আছিল ‘এছিয়ান স্কুল দবা প্ৰতিযোগিতা’, মই তাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিলো। ট্ৰেইনেৰে আহি থাকোতে মই এজন ফেৰিৱালা লগ পালোঁ। তেওঁৰ লগত বিভিন্ন ধৰণৰ বস্তু আছিল আৰু তেওঁৰ লগত এটা বেগ আছিল য’ত বহুত ৰঙীন খেলনা বস্তু আছিল। সেই সময়ত নাজানিছিলো এইবিধ সামগ্ৰীক ‘ৰুবিক কিউব’ বোলে। তাত যিবোৰ ৰং আছিল সেই ৰংবোৰৰ প্ৰতি বহুত আকৰ্ষিত হৈছিলো। তেতিয়া মই মোৰ দেউতাক কৈ মাত্ৰ ২০ টকাৰে এটা কিউব কিনিছিলো। গোটেই ট্ৰেইন যাত্ৰাটোত মই কিউবটো মিলাব পৰা নাছিলো। তেতিয়াই মোৰ মনত প্ৰশ্ন হৈছিল যে খেলি-মেলি কৰিব পৰাৰ উপাই আছে, নিশ্চয় একে কৰিব পৰাৰো উপায় থাকিব। সেইটোৰ উত্তৰ বিচাৰি মোৰ যাত্ৰা আৰম্ভ হৈছিল। ঘৰলৈ আহি পোৱাৰ পিছত দাদাৰ লগত ইন্টাৰনেটত কেনেকৈ সমাধান কৰিব পাৰি সেই বিষয়ে অধ্যয়ন কৰিবলৈ ধৰিলোঁ। পিছত গম পালো যে দেখিবলৈ যিমান সাধাৰণ বা সৰু সামগ্ৰী আচলতে সিমান সহজ নহয়। বিশাল জগত এখন সোমাই আছে ইয়াৰ ভিতৰত আৰু বহু কথাই শিকিবলগীয়া আছে। তেনেদৰেই মই আকৰ্ষিত হৈ পৰো এই খেলবিধৰ প্ৰতি।

দবা খেলৰ পিছত ৰুবিক কিউবৰ প্ৰতি বেছি আকৰ্ষিত হ’ল। বৰ্তমান দবা খেল সম্পূৰ্ণ বাদ পৰিল নেকি?

দবা খেলটো এতিয়াও ঠিক বাদ পৰা নাই। মই এতিয়াও দবা খেলো ঘৰত বা অনলাইন খেলিব পৰা ব্যৱস্থা আছে। মই এতিয়াও প্ৰতিয়োগিতাবোৰত অংশগ্ৰহণ কৰো অনলাইনত আৰু কিছুমান ছফ্টৱেৰ বা ইনজেক্ট থাকে তাৰ বিপক্ষত আপুনি খেলিব পাৰে। মই এতিয়াও দবা অনুশীলন কৰোঁ। এইটো মোৰ এটা হবি। দাদাৰ সৈতেও মই দবা খেলোঁ ঘৰতে। কিন্তু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হোৱা নাই কাৰণ দুটা খেল একেলগে কেতিয়াও খেলিব পৰা নাযায়। সেয়েহে এটাত সময় দিয়াটো প্ৰয়োজন।

কাৰ অনুপ্ৰেৰণা লাভ কৰিছে বা কাক ফ’ল’ কৰে এই খেলবিধ খেলাৰ ক্ষেত্ৰত?

আচলতে কাক ফ’ল’ কৰোঁ বুলি এগৰাকী ব্যক্তিক মই ক’ব নোৱাৰো। কিয়নো এই খেলবিধ শিকাৰ সময়ত মোৰ কোনো গুৰু নাছিল। কাৰণ মই কোনো প্ৰশিক্ষণ বা কোনো ইনষ্টিটিউটত শিকা নাই এই খেলবিধ। দবা একাডেমীলৈ গৈছিলো। তাত মই শিক্ষক লগ পাইছিলো কিন্তু এইবিধ খেলত মোৰ কোনো শিক্ষক নাই। সেইবাবে মই প্ৰধানকৈ ক’ব নোৱাৰো কোন মোৰ শিক্ষক হয়। কিন্তু মই ইন্টাৰনেটত বহুত বেলেগ-বেলেগ মানুহৰ ভিডিঅ’ বা টিউট’ৰিয়েল চাই মই শিকিছিলো।

বিশেষকৈ মই যিটো ইভেন্টত পাৰদৰ্শী সেইটো হৈছে থ্ৰী বাই থ্ৰী ব্লাইণ্ড ফ’ল্ডাৰ দিভাইন অৰ্থাত মই কিউবটো চকুৰে নোচোৱাকৈ চ’ল্ভ কৰো। সেই ইভেন্টটো বা সেই ব্লাইণ্ড ফল্ডাৰ ইভেণ্টক লৈ জড়িত যিখিনি কথা সেইকথাখিনি মই এগৰাকী বিশেষ ব্যক্তিৰ পৰা শিকিছিলো তেওঁ অনলাইন ভিডিঅ’ ছাবমিট কৰিছিল ইউটিউবত আৰু মই তাৰপৰা শিকিছিলো।

লগতে বহুত মানুহ আছে। প’লেণ্ডৰ এগৰাকী ব্যক্তি আছে যাৰ ভিডিঅ’ চাই মই শিকিছিলো আৰু অনলাইন যোগে মই বহুতো খেলুৱৈক মেছেজ দি বা ভিডিঅ’ কল কৰি মই শিকিছিলো।

খেলবিধৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত ঘৰৰ সহযোগিতা কেনেধৰণৰ?

আচলতে ঘৰৰ ছাপ’ৰ্টৰ বাবেহে আজি মই এইটো অৱস্থা পাবলৈ সক্ষম হৈছোঁ। কিয়নো মই যিটো খেল খেলোঁ সেই খেলবিধ খুব এটা নতুন খেল। ১৯৮২ চনত এই খেলবিধ পৃথিৱীত প্ৰথম বাৰৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল হাংগেৰীৰ বুডাপেষ্ট চহৰত আৰু ২০০৩ চনত এই খেলবিধক সমগ্ৰ পৃথিৱীত জনপ্ৰিয় কৰি তুলিবৰ কাৰণে এখন ব’ৰ্ড, ‘ৱৰ্ল্ড কিউব এচ’ছিয়েশ্যন’ বুলি আমেৰিকাত  গঠন কৰা হৈছিল। ভাৰতবৰ্ষলৈ এই খেলবিধ ২০০৮ চনত আহিছিল প্ৰথমবাৰৰ বাবে। আমাৰ কাৰণে খুব ভাল কথা যে এই খেলবিধ ভাৰতত আইআইটিবোৰে প্ৰচাৰ কৰি আছে। গতিকে খুব এটা নতুন খেল আৰু এটা কথা খুব ভাল যে এই সামগ্ৰীবিধৰ যিগৰাকী উদ্ভাৱক ‘আৰ্ণৰ ৰুবিক’ তেওঁ বৰ্তমানেও জীৱিত অৱস্থাত আছে। তেখেতৰ জীৱন কালতে যে এই খেলবিধে ইমান জনপ্ৰিয়তা লাভ কৰিব পাৰিছে তেওঁৰ বাবে বা আমাৰ বাবে খুব এটা ভাল খবৰ। মই ক’ব খোজোঁ যে খুব এটা নতুন খেল আছিলে মই যেতিয়া এই খেলবিধৰ অনুশীলন আৰম্ভ কৰিছিলো। সেই সময়ত মোৰ ওপৰত কোনেও বিশ্বাস কৰা নাছিলে যে এই খেলবিধৰ ভবিষ্যতনো কি বা মই কিমান দূৰলৈ যাব পাৰিম। কিন্তু মোৰ মা-দেউতা বা মোৰ দাদাই দেখিবলৈ হয়তো সক্ষম হৈছিল। কাৰণ মই সকলোবোৰ কথা আলোচনা কৰি আগবাঢ়িছিলো। তেওঁলোকে হয়তো দেখিছিল যে এই খেলবিধ  বহুত ডাঙৰ আৰু ভৱিষ্যত আছে। গতিকে তেনেকৈয়ে মই আগবাঢ়িছিলো। মোৰ পৰিয়ালৰ বহুত সহযোগিতা আছে।

অসমৰ ৰাইজৰ মাজত বৰ্তমানলৈকে ‘ৰুবিক কিউব’ খেলবিধৰ ধাৰণা অস্পষ্ট। এই ক্ষেত্ৰত কিবা বিশেষ ভূমিকা ল’ব বিচাৰে নেকি?

নিশ্চয়কৈ। মই ইতিমধ্যে বহুখিনি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। মই এই খেলবিধ খেলা প্ৰায় তিনিবছৰ হ’ল। মই যেতিয়া ‘ৱৰ্ল্ড চেম্পিয়ন’ হ’লোঁ তাত বহু ব্যক্তি বা মোৰ সমান বয়সৰ ল’ৰা-ছোৱালী মোৰ ওচৰলৈ আহি কয় যে আমিও খেলিব ইচ্ছা কৰোঁ। গতিকে তেনেকুৱা কথাবোৰৰ উত্তৰ দি মই বহু কৰ্মশালা কৰিবলৈ ইতিমধ্যে আগবাঢ়ি আহিছোঁ। মই এতিয়ালৈকে বিশেষকৈ গৰম বন্ধ আৰু ঠাণ্ডাৰ বন্ধৰ সময়খিনিত কৰ্মশালা অনুষ্ঠিত কৰোঁ। বিভিন্ন ইনষ্টিটিউটে মোক মাতে আৰু মই প্ৰায় দুদিনীয়া-তিনিদিনীয়া সময় লৈ মই কৰ্মশালা অনুষ্ঠিত কৰোঁ। তাত প্ৰায় ৬০-৭০ ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰে আৰু তেনেকুৱা কৰ্মশালাৰ পৰা তেওঁলোকে কিউব কেনেকৈ ছ’ল্ভ কৰে বা ইভেণ্টবোৰত কেনেকৈ অংশগ্ৰহণ কৰিব পাৰি সেই আটাইবোৰ কথা জানিবলৈ সক্ষম হয়। এতিয়ালৈ মই যোৱা দুটা বছৰে এখনকৈ প্ৰতিযোগিতা পাতিছিলো ‘গুৱাহাটী অ’পেন’ বুলি। প্ৰথমবাৰ ২০১৫ চনত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ‘ফাৰ্ষ্ট গুৱাহাটী অ’পেন’ অনুষ্ঠিত হৈছিল ‘ইণ্ডিয়া ক্লাব’ত। মোৰ কাৰণে সৌভাগ্যৰ কথা যে মোৰ দেউতা ক্ৰীড়াৰ সৈতে জড়িত। যিহেতু মই দবা খেলৰ লগত জড়িত আছিলো, তেখেতে দবা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। বৰ্তমানে ‘ৰুবিক কিউব’ খেলো অনুষ্ঠিত কৰে। ২০১৫ চনত আমি প্ৰথম অনুষ্ঠিত কৰিছিলো ‘ইণ্ডিয়া ক্লাবত’,‘ফাৰ্ষ্ট গুৱাহাটী অ’পেন’। তাৰ পিছত আমি যোৱা বছৰ অনুষ্ঠিত কৰিলো ‘ছেকেণ্ড গুৱাহাটী অ’পেন’। সেইখন ‘ফুড-ভিলা’ত অনুষ্ঠিত হৈছিল। এইবাৰ আমি অনুষ্ঠিত কৰিলোঁ ‘থাৰ্ড গুৱাহাটী অ’পেন’। এইখন প্ৰতিযোগিতা মই যিহেতু কটনত পঢ়ি আছোঁ, সেয়েহে কটনৰ বাকৰিত অনুষ্ঠিত কৰিলোঁ।

আপুনি ‘ৰুবিক কিউব’ৰ প্ৰথম খেলখন ক’ত খেলিছিল?

‘ৰুবিক কিউব’ৰ প্ৰথম খেলখন খেলিছিলো গুৱাহাটীৰ ‘আই আই টি’ত ২০১৩ চনৰ ৮ ছেপ্তেম্বৰত। আচলতে আই আই টি গুৱাহাটীত খেলাৰ মোৰ এটা কাৰণ হৈছে মোৰ দাদাই ছ’ফ্টৱেৰৰ কাম কৰি আই আই টি গুৱাহাটীত প্ৰায় এবছৰ এটা কোম্পানীৰ সৈতে জড়িত হৈ আছিল। তেতিয়া মোক জানিবলৈ দিছিল যে তাত ‘টেকনিছ’ বুলি এখন এনুৱেল ইভেণ্ট ‘আই আই টি’ত অনুষ্ঠিত কৰে। তাৰ লগত ৰুবিক কিউব প্ৰতিযোগিতা এখনো অনুষ্ঠিত কৰিছিল। তেনেকৈয়ে মই গম পালো দাদাৰ সূত্ৰে। তাত মই বিজয়ী হ’ম বুলি ভবা নাছিলো। মই আচলতে কি হয়, কেনেকৈ খেলে কথাবোৰ চাবলৈ গৈছিলো। কিন্তু সৌভাগ্যক্ৰমে মই তাত প্ৰথম পুৰস্কাৰ পাইছিলো। মই দহ ছেকেণ্ডত কিউবটো ছ’ল্ভ কৰিছিলো। মানুহৰ পৰা মই উৎসাহ পাওঁ। তালৈ বাহিৰৰপৰা খেলুৱৈ আহিছিল। তেওঁলোক ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি অহা আৰু ভাল ৰেংকৰ। তেওঁলোকে মোক দেখি আমন্ত্ৰণ কৰিলে বেলেগ বেলেগ আইআইটিবোৰলৈ। মই এতিয়ালৈকে মাদ্ৰাছ আইআইটি, খড়গপুৰ আইআইটি, ভেল্লৰ ইনষ্টিটিউট অব্ টেকন’ল’জিলৈ গৈ অংশগ্ৰহণ কৰিছোঁ। মই মোৰ জীৱনৰ প্ৰথম প্ৰতিযোগিতাখনত সফল হৈছিলো।

আপুনি অসমৰ বাহিৰত খেলিছে, ভাৰতৰ বাহিৰতো খেলিছে সেই অভিজ্ঞতাৰ বিষয়ে জনাওঁকচোন?

প্ৰথম মোৰ বিদেশ যাত্ৰা আছিল জাপানৰ টকিঅ’ চহৰলৈ। ২০১৪ চনৰ ১ নবেম্বৰৰপৰা ৩ নবেম্বৰলৈ। তাত এছিয়ান চেম্পিয়নছিপ অনুষ্ঠিত হৈছিলে তাত মই ভাৰতৰ ৫জনীয়া সদস্য দলটোৰ এগৰাকী আছিলো। তালৈ মই দেউতাৰ সৈতে গৈছিলো। খুব সুন্দৰ আভিজ্ঞতা আছিল। জাপান এখন সুন্দৰ ঠাই। মই সৰুৰ পৰাই ভাবিছিলো যে তালৈ মই জীৱনত এবাৰ হলেও যাম। ২০১৪ চনতে মোৰ সেয়া সপোন পূৰণ হৈছিল। সেয়া মোৰ খুব এটা ভাল অভি়জ্ঞতা আছিল। অকল মই খেলৰ দৃষ্টিভংগীৰে কোৱা নাই মোৰ জীৱনৰ এটা বিৰল অভিজ্ঞতা বুলি ক’ব বিচাৰোঁ। তাত মই ‘থ্ৰী বাই থ্ৰী ব্লাইণ্ড ফ’ল্ডাৰ’ শাখাত ২৫ ছেকেণ্ডত কিউবটো ছ’ল্ভ কৰিছিলো আৰু প্ৰথম পুৰষ্কাৰ পাই এছিয়াৰ প্ৰথম স্থানলৈ গৈছিলো।

তাৰ পিছত মই ‘ৱৰ্ল্ড চেম্পিয়নছিপ’ খেলো যিখন ব্ৰাজিলত ২০১৫ চনৰ জুলাইত অনুষ্ঠিত হৈছিল। সেইখনত খুব এটা আমোদজনক কথা হ’ল তাত মই গুৰুৰ বিপক্ষে খেলিবলগীয়া হৈছিল য’ত তেওঁক মই জীৱনত প্ৰথমবাৰৰ বাবে লগ পাওঁ। শব্দৰে বুজাব নোৱাৰা অভিজ্ঞতা যে তেওঁৰ পৰা শিকি তেওঁকে হৰুৱাবলৈ সক্ষম হৈছিলো। মই ২৪ ছেকেণ্ডত কিউবটো ছ’ল্ভ কৰিছিলো আৰু তেওঁ ৩০ ছেকেণ্ডত ছ’ল্ভ কৰিছিল। তেওঁ দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল আৰু মই প্ৰথম।

তাৰ পিছতে মই থাইলেণ্ডৰ বেংককত ‘থাইলেণ্ড চেম্পিয়নছিপ’ত অংশগ্ৰহণ কৰিছিলো। শেহতীয়াভাৱে মই যোৱা বছৰ অক্টোবৰ মাহত চীনৰ বেইজিঙলৈ গৈছিলো। তাত মই ‘এছিয়ান চেম্পিয়নছিপ’ত অংশগ্ৰহণ কৰি ,‘এছিয়ান ব্লাইণ্ড ফ’ল্ডাৰ কেটেগ’ৰী’ত তৃতীয় পুৰস্কাৰ লাভ কৰিছিলো।

ৰুবিক কিউবৰ বাহিৰেও আৰু খেলৰ প্ৰতি আগ্ৰহ আছে?

ৰুবিক কিউবৰ পিছতে মোৰ প্ৰিয় খেল ফুটবল। কাৰণ সৰুৰপৰাই খেলি আহিছোঁ। বৰ্তমানেও মই কলেজত জিৰণি সময়ত বন্ধুৰ সৈতে খেলো আৰু দবা খেলটো আছেই। আটাইকেইটা খেলৰ এটা বিশেষ-বিশেষ বৈশিষ্ট্য আছে। ফুটবল খেলটোৱে আমাক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখে আৰু দবা খেলটো এটা মানসিক খেল। ইয়াৰ বাবে বহুত ধৈৰ্যশক্তি লাগে। মই দবা খেলটো প্ৰায় ৬ বছৰ বয়সৰপৰা খেলিছোঁ। তাৰপৰা যিখিনি ধৈৰ্যশক্তি মোৰ ভিতৰত গঠন কৰিবলৈ সক্ষম হ’লোঁ তাৰ বাবে হয়তো ৰুবিক কিউব খেলবিধ দুবছৰৰ ভিতৰত আয়ত্ব কৰিবলৈ সক্ষম হ’লোঁ। মোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দবা খেলত ৰেটিং আছিল। গতিকে সেই খেলটোৱে মোক আগবাঢ়ি যোৱাত সহায় কৰিছে।

অসম চৰকাৰৰ ফালৰপৰা কিবা সহায় পাইছেনে?

মই যেতিয়া প্ৰথমবাৰ বিদেশলৈ গৈছিলো তেতিয়া বিশেষ সঁহাৰি পোৱা নাছিলো। কাৰণ খেলটো প্ৰতিস্থিত নাছিল আমাৰ ইয়াত। গতিকে মানুহে আচলতে বুজি নাপায় ইয়াৰ ভৱিষ্যৎ কি হ’ব পাৰে। এটা নতুন খেলত যদি মই জয়ী হৈ আহোঁ তাৰ পিছত তাৰ প্ৰভাৱটো কেনেকুৱা ধৰণৰ হ’ব পাৰে সেই কথাটো অনুধাৱণ নকৰে। মোৰ ক্ষেত্ৰটো একেই হৈছিল। মোৰ দেউতাই গাঁঠিৰ ধন ভাঙি মোক খেলিবলৈ লৈ গৈছে কাৰণ তেওঁ বুজিছিল যে ভবিষ্যতটো কি হ’ব পাৰে। গতিকে খুব ৰিক্সত সিদ্ধান্তটো ল’বলগীয়া হৈছিল। সেইটোৱে সঁচাকৈ মোক সহায় কৰিছে। কাৰণ ৰিক্স ন’ললে হয়তো মই ইমান দূৰ আগবাঢ়িব নোৱাৰিলোঁহেঁতেন। প্ৰথমবাৰ বাহিৰলৈ যাওঁতে ‘ষ্টেট বেংক অব্ ইণ্ডিয়া’ই আৰু চৰকাৰে অলপ সহায় কৰিছিল। তাৰ পিছত যেতিয়া মই কিছু পৰিছিত হ’লোঁ তেতিয়া মোক চৰকাৰে অলপ ভালকৈ সহায় কৰিলে। মই ‘ৱৰ্ল্ড চেম্পিয়নছিপ’ খেলিবলৈ যাওঁতে মোক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তিনি লাখ টকা দি সহায় কৰিছিল। তাৰ বাবে মই চৰকাৰৰ ওচৰত কৃতজ্ঞ।

অসমৰ খেলজগতখনক লৈ চৰকাৰৰ ভূমিকা কেনে হোৱাটো বিচাৰে?

এইটো ক্ষেত্ৰত আচলতে মোৰ ক’বলগীয়া একো নাই। কাৰণ মই কৈ একো সলনি কৰিব নোৱাৰোঁ। মই এইটোৱে বিচাৰো যে আগন্তুক দিনত চৰকাৰে সহায় কৰক এই ক্ষেত্ৰত। সঁচাকৈ কেতিয়াবা বিপদৰ সন্মূখীন হ’বলগীয়া হয় যেতিয়াই দূৰলৈ বা ডাঙৰ প্ৰতিযোগিতালৈ যাবলগীয়া হয়। আৰু বিশেষকৈ কেৱল নিজে খেলিবলৈ যোৱাৰ সময়তেই নহয় কেতিয়াবা নিজে আয়োজন কৰাৰ ক্ষেত্ৰতো যদি চৰকাৰে সহায় কৰে তেতিয়াও সহায়ক হ’ব বুলি ভাবোঁ। আশাকৰোঁ তেওঁলোকে সহায় কৰিব আগন্তুক দিনত। কিন্তু সহায় কৰিলেও বা নকৰিলেও মই মোৰ কাম কৰি যাম।

আপুনি ‘ৰুবিক কিউব’ খেলি অসমলৈ ‘গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড’, ‘লিমকা ৰেকৰ্ড’ গঢ়িবলৈ সক্ষম হৈছে। লগতে বিভিন্ন বঁটা লাভ কৰিছে। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা?

হয় মই দুয়োটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছোঁ। গ্ৰীনিজ বুকত ৰেকৰ্ড গঢ়াৰ লগত এটা কাহিনী জড়িত হৈ আছে। ২০১৬ চনৰ জানুৱাৰী মাহৰ কথা। মই সেই সময়ত এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী আছিলো। মোৰ পৰীক্ষাৰ আগত তিনিমহীয়া বন্ধৰ সময়ত মই পঢ়াৰ লগতে এই কামটো কৰিবলগীয়া হৈছিল। কিয়নো মই এটা গ্ৰীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সুযোগ পাইছিলো। গতিকে সেইটো কৰিবলৈ মই জানুৱাৰী মাহৰ ২৩ তাৰিখে গুৱাহাটীৰপৰা মাদ্ৰাজ আইআইটিলৈ গৈছিলো। তাত এখন কিউব প্ৰতিযোগিতা হৈছিল। আমি ভাৰতীয় খেলুৱৈসকলে ৯ জনীয়া সদস্যৰ দলে পূৰ্বৰ ইটালীৰ নামত থকা ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিলো। তেওঁলোকে এঘণ্টাত ১৮২৬টা কিউব চ’ল্ভ কৰিছিল আৰু আমি এঘণ্টাত ২৪৫৪টা কিউব চ’ল্ভ কৰিছিলো। অৰ্থাত দুয়োটা দলৰ মাজত ব্যৱধান ৫৯৪ টা কিউবৰ। ‘গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ড’ এইটো মোৰ প্ৰথম দলীয় গীনিজ ৰেকৰ্ড। মোৰ জীৱনৰ এটা আশা আছে এককভাৱে এটা ৰেকৰ্ড গঢ়াৰ। ঠিক তেনেকৈ ‘লিমকা ৰেকৰ্ড’কে ধৰি আৰু বহুত বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ।

আপুনি ‘ৰুবিক কিউব’ৰ ওপৰত এখন কিতাপ লিখিছে। তাৰ বিষয়ে সবিশেষ জনাওঁক?

হয়, মই ৰুবিক কিউব সম্পৰ্কে এখন কিতাপ লিখিছোঁ। এইখনেই প্ৰথম তথা একমাত্ৰ কিতাপ। মই যেতিয়া শিকিছিলো তেতিয়া মই বহুতো সমস্যাৰ সন্মুখীন হৈছিলো। কাৰণ তেতিয়া যিবোৰ তথ্য আছিল সেইবোৰ বিভক্ত হৈ আছিল। এটা তথ্য ইয়াত আনটো তাত। এনেদৰে বেলেগ বেলেগ ৱেবছাইটলৈ মই যাবলগীয়া হৈছিল কথাবোৰ শিকিবৰ বাবে।

সেই সমস্যাবোৰৰ সন্মুখীন যাতে অন্যই হ’বলগীয়া নহয় সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি মই এখন কিতাপ লিখাৰ কথা ভাবিছিলো। যিখন কিতাপত ৰুবিক কিউব সমাধান কৰিবলৈ যিটো পদ্ধতিৰ প্ৰাথমিক জ্ঞান লাগে সেই সকলো তথ্য কিতাপখনত আছে। যাৰ বাবে মানুহে যদি শিকিবলৈ ইচ্ছা কৰে তেন্তে এই কিতাপখনৰ জৰিয়তে তেওঁলোকে শিকিব পাৰিব।

এই কিতাপখন মই যেতিয়া ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈছিলো তাৰ থিক আগে-আগে মেট্ৰিকৰ বন্ধৰ সময়ত লিখা আৰম্ভ কৰিছিলো। মোৰ দেউতা আৰু দাদাই এই ক্ষেত্ৰত বহুত সহায় কৰিছিল। কিতাপখন ‘অ’লিম্পিয়া’ প্ৰকাশনে প্ৰকাশ কৰি উলিয়ায়। আশাকৰোঁ আমি পুনৰ এইখন নতুন সংস্কৰণ উলিয়াবলৈ সক্ষম হ’ম। কিতাপখন গ্ৰন্থমেলাত ‘অ’লিম্পিয়া গ্ৰন্থ প্ৰকাশন’ৰ ষ্ট’লত উপলব্ধ আছিল। এইটো মোৰ নিজাববীয়াকৈ এটা ভাল লগা খবৰ বা সাফল্য বুলি ক’ব পাৰোঁ। কিয়নো বিশেষ এটা কথাৰ প্ৰতি গুৰুত্ব ৰাখি এই কিতাপখন ৰচনা কৰা হৈছিল।

আগলৈ আৰু ক’ত প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে সাজু হৈছে?

মই এতিয়াই একো ভবা নাই। যিহেতু মই নিজেই আয়োজন কৰি আছোঁ। গতিকে বিচাৰো যে কেৱল অসমত বা উত্তৰ-পূৰ্বাঞ্চলত কেৱল ময়েই নহয়, আনেও আগবাঢ়ি আহক। কিয়নো মোৰ খেলৰ প্ৰতি যিটো আগ্ৰহ সেই আগ্ৰহ ধৰি ল’লোঁ কোনো এটা পৰিস্থিতিত বা সময়ৰ চক্ৰত পৰি নোহোৱা হৈ গ’ল। তেতিয়া খেলটো কেৱল মোৰ মাজতে সীমাবদ্ধ হৈ ৰৈ যাব। গতিকে সেইটো যাতে নহয় সেইবাবে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছো।

উঠি অহা প্ৰজন্মৰ প্ৰতি আপোনাৰ ক’বলগীয়া?

তেওঁলোকক ক’ব পৰাকৈ মই অভিজ্ঞ নহয়। কিন্তু এটা কথা ক’ব বিচাৰো যে যিটো কামেই কৰা যায় কোনো কামেই সৰু নহয় সকলোতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰি। গতিকে সময়ৰ অপব্যৱহাৰ নকৰাকৈ যিকোনো কাম একাগ্ৰতাৰে নিয়াৰিকৈ কৰি গ’লে সফলতা অনিবাৰ্য।

আপোনাৰ ভবিষ্যত পৰিকল্পনা কি?

মোৰ দাদা এগৰাকী প্ৰগ্ৰেমাৰ। তেওঁ নিজৰ কোম্পানীৰ ফাউণ্ডাৰ হয়। তেওঁ ছফ্টওৱেৰ ডিজাইন কৰে। ম’বাইলৰ এণ্ড্ৰয়ইড এপছ ডিজাইন কৰে। ময়ো মোৰ কেৰিয়াৰটোৰ কথা ক’বলৈ গ’লে দাদাৰ নিচিনা হ’ব বিচাৰোঁ। মোৰ দাদা যিটো ফিল্ডত কাম কৰি আছে সেই ফিল্ডটো এনেকুৱা এটা ফিল্ড যিটোত অকলে লাগি থাকিলে দক্ষ হোৱাটো খুব কঠিন। মোৰো বহুত আগ্ৰহ আছে এই বিষয়টোৰ প্ৰতি। সেয়ে মই ভাবো যে দাদাক সহায় কৰিবৰ কাৰণে কম্পিউটাৰ ছায়েন্স পঢ়িম। ইতিমধ্যে মোৰ কলা-শাখাত কম্পিউটাৰ ছায়েন্স বিষয় আছে। চাকৰি কৰাটো খুব এটা সাধাৰণ কথা, ইয়াত আনৰ বাবে চাকৰি বা নিজৰ বাবে চাকৰি ক্ৰিয়েট কৰি লোৱাটো বেছি প্ৰয়োজনীয় বুলি ভাবোঁ। গতিকে সেইটো মোৰ ‘আল্টিমেট গ’ল’ আৰু দাদাক সহায় কৰাটো মোৰ আন এক লক্ষ্য।

Related Articles

Leave a Reply

Close