শেহতীয়া
Home / গেলেৰী / ফটো ফিচাৰ / ৰূপচৰ্চাৰে জগত জিনাৰ হেঁপাহ মাহীৰ

ৰূপচৰ্চাৰে জগত জিনাৰ হেঁপাহ মাহীৰ

গৌতম হাজৰিকা

পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংছ’ৰ ২২ বছৰীয়া এজনী মৰম লগা ছোৱালী। নাম মাহী পাল। পিতৃ গোবিন্দ পাল আৰু মাতৃ সুলেখা পাল। ৰূপচৰ্চাৰ প্ৰতি মাহীৰ আছিল সৰুৰেপৰা বিশেষ আকৰ্ষণ। তেতিয়াৰপৰাই বিভিন্ন আলোচনীৰ পাতত জিলিকি উঠা ৰূপচর্চা সম্পৰ্কীয় লেখাসমূহ খৰচী মাৰি পঢ়িবলৈ ল’লে। আৰু ২০১৬ চনত বুকুত সপোনৰ টোপোলাটো সাৱটি গুছি আহিল আপোন ঘৰখন এৰি ৰাজধানী চহৰ গুৱাহাটীলৈ। কিন্তু ছটা মাহে নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ কোনো পথেই বিচাৰি নাপালে।

মাহী প্রায় হতাশ হৈ পৰিল। সিদ্ধান্ত ল’লে ঘৰলৈ উভতি যোৱাৰ। কিন্তু এনে হতাশঃগ্ৰস্ত সময়তো তেওঁ ইণ্টাৰনেটত ৰূপ চৰ্চাৰ বিভিন্ন জ্ঞান আহৰণ কৰি গ’ল। আৰু সগৃহলৈ উভতি যোৱা মাহীয়ে পালে মেকআপ আৰ্টিষ্ট হিচাপে কাম কৰাৰ সুযোগ।

সেই সময়ত মাহীক পৰিয়াল আৰু বন্ধু বৰ্গই  দিলে  উৎসাহ। তাৰ পিছতে মাহীৰ ভাগ্যৰ দুৱাৰ খোল খালে। গুৱাহাটীৰ মাধুৰী গ্লেম বুটিকৰ কেলেণ্ডাৰৰ ফটোশ্বুটত কাম কৰাৰ বাবে মাহীলৈ আহিল নিমন্ত্ৰণ। তাৰ পিছত আৰু মাহীয়ে উভতি চাব লগা হোৱা নাই। গুৱাহাটীলৈ আহি এইবাৰ ন ৰূপত ধৰা দিলে মাহীয়ে। এখনৰ পিছত এখন দুৱাৰ খোল খালে মাহীৰ বাবে। সুযোগ পালে জনপ্ৰিয় ফটোগ্ৰাফাৰ ৱাজিদ ৰহমান, তাৰকীক বৰা, ইউনিক বৰা, কমল বৰ্মন, ডিভাইন মোমেণ্ট, ফটো ফিউজনৰ সৈতে কাম কৰাৰ।

মাহীৰ হাতৰ পৰশত ৰেম্পত উজ্বলি উঠিল জনপ্ৰিয় মডেল অস্মিতা সি, সুহানী লস্কৰ, নিতুমণি শইকীয়া, নাজ হুছেইন, মাহজেবিন হুছেইন, নিতুস্মিতা বৰা, লিজা নাইটং, জুৰি ৰহমান আদি। মাহীৰ এই সফলতা বহুতৰ বাবে ঈর্ষণীয়।

মাহী থমকি ৰোৱা নাই। হাতৰ যাদু আৰু নিজৰ প্ৰতিভাৰ বলত বাধাৰ প্ৰাচীৰ আঁতৰাই আগুৱাও গৈছে সফলতাৰ জখলা প্ৰতিটো ঢাপ। মাহীয়ে কেইটামান মাহৰ ভিতৰতে নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছে উত্তৰ-পূবৰ গ্লেমাৰ জগতত। মাহীৰ এই যাত্রা অব্যাহত থাকক। শিৰলৈ আহক বিজয় মুকুট। তাকেই কামনা কৰিলোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*