অসম

ৰে’লৱেৰ টিকট বুকিংত দালাল ৰাজ: বুকিং ক্লাৰ্ক আটক

প্ৰথম খবৰ, বৰপেটাৰোড: যোগ্যজনক বঞ্চিত কৰি ধনৰ লোভত দালালক টিকট দিয়াৰ এক কৰচাজি সম্প্ৰতি পোহৰলৈ আহিছে। এইক্ষেত্ৰত বৰপেটাৰোড সুৰক্ষা বাহিনীয়ে এক অভিযান চলাই টিহু ৰে’ল ষ্টেচনৰ মুখ্য বুকিং ক্লাৰ্ক ৰাতুল শালৈক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত খবৰ মতে, শালৈয়ে দীৰ্ঘদিন ধৰি একাংশ দালালৰ লগত মিতিৰালি কৰি ৰে’লৰ টিকটৰ বাবে দীৰ্ঘ সময় ধৰি শাৰী পাতি ৰৈ থকা যাত্ৰী সকলক বঞ্চিত কৰি টিকট দি কেৰোণেৰে ধন চপাই আহিছিল । যোৱা পৰহি এনেদৰে টিকট দিয়াৰ উমান পাই সুৰক্ষা বাহিনীয়ে এক গোপন অভিযান চলাইছিল এইজন ক্লাৰ্কৰ বিৰুদ্ধে । অভিযান কালত তেওঁৰ এই কৰ্ম কাণ্ডৰ বিষয়ে সুৰক্ষা বাহিনী নিশ্চিত হোৱাত আজি তেওঁক গ্ৰেপ্তাৰ কৰি বৰপেটাৰোডলৈ আনিছে।

Related Articles

Leave a Reply

Close