অসম

গোলকগঞ্জত পিষ্টলসহ দুজন যুৱকক আটক

প্ৰথম খবৰ, গোলকগঞ্জঃ গোলকগঞ্জত সেনাৰ অভিযানত আজি পুৱা যুৱক দুজনক পিষ্টলসহ আটক কৰিবলৈ সক্ষম হয়। ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড গাঁৱত আজি গোপন খবৰ ভিত্তিত সেনাৰ ডোগ্ৰা ৰেজিমেণ্ট চলোৱা অভিয়ানত গাঁও খনৰে মনজিল হক আৰু মিনাৰ হুছেইনৰ ঘৰৰ পৰা হস্তনিৰ্মিত দুটা পিষ্টল উদ্ধাৰ কৰে । পিষ্টলসহ যুৱক দুজনক গোলকগঞ্জ আৰক্ষী থানাত চমজাই দিয়ে । আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

Related Articles

Leave a Reply

Close