অসমশীৰ্ষ

NDFB(S)ৰ নেতা বি বিদাইক বিচাৰি আৰক্ষীৰ অভিযান

প্ৰথম খবৰ,বৰমা: বাক্সা জিলাৰ ভাৰত ভুটান সীমান্তবৰ্তী অঞ্চল অক্সিগুৰীত এন,ডি,এফ,বি(সং)ৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ বি,বিদায় আৰু কেডাৰ চাইক্লুং বসুমতাৰীৰ বাসগৃহত বাক্সা আৰক্ষী আৰু ব্লেক পেন্থাৰৰ তালাচী ৷ অসম অৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এন,ডি,এফ,বি (সং)দুৰ্ধৰ্ষ কামাণ্ডাৰ বি,বিদায় ওৰফে বিষ্ণু গয়াৰী আৰু চাইক্লুং বসুমতাৰী শেহতীয়াভাবে বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰন্যত বাহৰ পাতি থকা তথ্য লাভ কৰি শুক্ৰবাৰে দুয়োজনৰ বাসগৃহত তালাচী চলায় বাক্সা আৰক্ষীয়ে ৷ বি,বিদায়ৰ অক্সিগুৰীৰ নিজা বাসগৃহত পত্নী নেইনা গয়াৰী আৰু বৃদ্ধা মাতৃ আছে যদিও পত্নী নেইনা গয়াৰীয়ে সাংবাদিকক দেখি ৰুদ্ৰমুৰ্ত্তি ধৰে ৷ বৃদ্ধা মাতৃয়ে বি, বিদায় ঘৰৰ লগত যোগাযোগ নৰখা বুলি জানিবলৈ দিয়ে ৷ ইফালে দুৰ্ধৰ্ষ এন,ডি,এফ,বিৰ কেডাৰ চাইক্লুং বসুমতাৰীৰ ঘৰতো আৰক্ষী ব্লেক পেন্থাৰে চলায় অভিযান ৷ আৰক্ষীয়ে বি, বিদায় ওৰফে বিষ্ণু গৈয়াৰী আৰু চাইক্লুং বসুমতাৰীসহ এন,ডি,এফ,বি( সং) ৰ এটা দল বাক্সাৰ মানাহৰ ঘন অৰণ্যত থকা বুলি উল্লেখ কৰে ৷ আৰক্ষীয়ে লগতে চাইক্লুং বসুমতাৰী ২০১৪ চনত বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাত গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে কাম কৰি এন,ডি,এফ,বিৰ চোৰাংচোৱা হিচাপে গোপন তথ্য যোগান ধৰা কথা সদৰি কৰে ৷ যাৰ ফলত বি,বিদায়ক গ্ৰেপ্তাৰ কৰাত আৰক্ষী ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে আৰক্ষীয়ে ৷

Related Articles

Leave a Reply

Close