অসমশীৰ্ষ

অক্সিজেনৰ অভাৱত কৰুণ মৃত্যু ১৪ বছৰীয়া কিশোৰৰ: দুৰ্ভগীয়া ৰকিবুলক দিয়া হৈছিল ফুটা হৈ থকা অক্সিজেন ফ্ল’মিটাৰ

প্ৰথম খবৰ, মইনবড়ী: বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত সংঘটিত হৈছে এক কৰুণ ঘটনা। অক্সিজেনৰ অভাৱত কৰুণ মৃত্যুক সাৱটি ল’লে এজন ১৪ বছৰীয়া কিশোৰে। জ্বৰত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে আজি কলগাছিয়াস্থ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল ৰকিবুল ইছলাম নামৰ কিশোৰজনৰ।

জানিব পৰা মতে কলগাছিয়াৰ বামুণটাৰীৰ নুৰুল ইছলামৰ পুত্ৰ ৰকিবুল ইছলাম তিনি দিন আগৰপৰা জ্বৰত আক্ৰান্ত হৈ আছিল। ৰকিবুলৰ স্বাস্থ্যৰ অৱনতি হোৱাত আজি বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগে লগেই চিকিৎসকে চিকিৎসা আৰম্ভ কৰে যদিও ৰকিবুলৰ তেজ বমি আৰম্ভ হয়। ততাতৈয়াকৈ চিকিৎসকে ৰকিবুলক অক্সিজেনৰ যোগান ধৰে। কিন্তু অক্সিজেন ফ্ল’ মিটাৰ লগাইছিল যদিও ফুটা থকাৰ কাৰণে অতিকৈ সংকটজনক অৱস্থাত থকা ৰোগী ৰকিবুলে অক্সিজেন পোৱা নাই বুলি কৰ্তব্যৰত চিকিৎসকে জানিবলৈ দিয়াৰ ওপৰি অক্সিজেন নোপোৱাৰ বাবে মৃত্যু হয় বুলি চিকিৎসকে ঘোষণা কৰে। দীৰ্ঘ দিনৰ পৰা অক্সিজেন ফ্ল’ মিটাৰ ফুটা হৈ আছিল যদিও চিকিৎসালয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যাৱস্থা গ্ৰহণ কৰা নাছিল বুলি অভিযোগ উঠিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close